ETV Bharat / sports

শুভ জন্মদিন ভি ভি এছ লক্ষ্মণ

author img

By

Published : Nov 1, 2021, 8:30 AM IST

এগৰাকী এনে খেলুৱৈ যিয়ে এখনো এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভুমুকি নমৰাকৈয়ে 100 খন টেষ্ট মেছ খেলিছিল তেওঁ হ’ল প্ৰাক্তন ভাৰতীয় middle-order বেটছমেন ভি ভি এছ লক্ষ্মণ ৷ জন্মদিনৰ দিনটোত খেলুৱৈগৰাকীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা...

former indian cricketer vvs laxman birthday
শুভ জন্মদিন ভি ভি এছ লক্ষ্মণ

স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ : আজি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণৰ জন্মদিন ৷ ভি ভি এছ লক্ষ্মণৰ সম্পূৰ্ণ নাম ভাংগীপুৰপু ভেংকট সাই লক্ষ্মণ ৷ তেওঁ এনে এগৰাকী খেলুৱৈ যিয়ে এখনো এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভুমুকি নমৰাকৈয়ে 100 খন টেষ্ট মেছ খেলিছিল ৷

টেষ্ট ক্ৰিকেটত middle-order বেটছমেন হিচাপে খেলিছিল সোঁহতীয়া খেলুৱৈগৰাকীয়ে ৷ 2002 চনত Wisden's five Cricketers of the Yearত তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷ ঘৰুৱা ক্ৰিকেটত লক্ষ্মণে হায়দৰাবাদৰ হৈ খেলিছিল ৷ বৰ্তমান তেওঁ IPLৰ হায়দৰাবাদৰ দলটোৰ মেন্টৰ ৷

former indian cricketer vvs laxman birthday
ফটো সৌজন্য Google

ইয়াৰ উপৰিও County ক্ৰিকেটত তেওঁ Lancashireৰ হৈ খেলিছিল ৷ আই পি এলৰ উদ্বোধনী সংস্কৰণত তেওঁ ডেক্কেন চাৰ্জাৰ্ছ দলৰ অধিনায়ক আছিল ৷ পৰৱৰ্তী সময়ত তেওঁ IPLত কোচী টাস্কাৰ্ছৰ হৈ খেলিছিল ৷

ভি ভি এছ লক্ষ্মণে তেওঁৰ Under 19ৰ অভিষেক ঘটাইছিল 1994 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৷ নিজৰ অভিষেক ইনিংছতে তেওঁ 88 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ লক্ষ্মণে 1996 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট শৃংখলাত অভিষেক ঘটাইছিল ৷ এইখন মেছৰ দ্বিতীয় ইনিংছত তেওঁ অৰ্ধশতক দখল কৰিবলৈ সক্ষম হৈছিল ৷

2001 চনত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা ‘অৰ্জুন বঁটা’ৰে সন্মানিত কৰা হয় ৷ আনহাতে, 2011 চনত তেওঁক ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰে ভাৰত চৰকাৰে ৷

লগতে পঢ়ক : T20 World Cup : নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.