স্পৰ্টছ ডেস্ক, 16 জুন : হাই ভল্টেজ ভাৰত - পাকিস্তান যুঁজৰ বাবে মাজত মাথো কেইটামান সময় ৷ সাজু হৈ পৰিছে টীম ইণ্ডিয়া, সাজু হৈ পৰিছে দেশ - বিদেশৰ ক্ৰীড়াপ্ৰেমী ৷ চুবুৰীয়া দুয়ো দেশৰ মাজত চলি অহা শত্ৰুতাই ক্ৰিকেটকো বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে ৷ দুয়ো দেশৰ মাজত প্ৰতিবাৰৰ যুঁজত ব্যাপক উছাহ - উদ্দীপনা দেখা পোৱা যায় ক্ৰীড়াপ্ৰেমীৰ মাজতো ৷
এই মেচৰ পূৰ্বে চ'ছিয়েল মিডিয়াতো ব্যাপক যুঁজত লিপ্ত হৈছে দেশ দুখনৰ ক্ৰীড়াপ্ৰেমীসকল ৷ নানা বিজ্ঞাপন তৈয়াৰ কৰাৰ লগতে খুহুতীয়া ভিডিঅ' আৰু ফ'টো শ্বেয়াৰ কৰি ভাৰত আৰু পাকিস্তানৰ ক্ৰীড়াপ্ৰেমীয়ে চ'ছিয়েল মিডিয়া ভৰাই পেলাইছে ৷
ক্ৰীড়াপ্ৰেমীৰ এনে উৎসাহৰ মাজতে সাজু হৈ পৰিছে ভাৰত আৰু পাকিস্তান দল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ ছয়বাৰৰ মুখামুখিত ভাৰতে জয়ী হ'বলৈ সক্ষম হৈছে ৷