নিউজ ডেস্ক, ২৬ মে': বিশ্বকাপৰ প্ৰথমখন ৱাৰ্ম আপ মেচতে নিউজিলেণ্ডৰ বিৰুদ্ধে মুখঠেকেচা খালে ভাৰতীয় ক্ৰিকেট দলে । শক্তিশালী ভাৰতীয় দলক ১৭৯ ৰাণতে সীমিত ৰাখিবলৈ সক্ষম হোৱাত আত্মবিশ্বাস বৃদ্ধি পাইছে নিউজিলেণ্ডৰ বলাৰ ট্ৰেণ্ট ব'ল্টৰ । বলাৰ গৰাকীয়ে সুন্দৰ প্ৰদৰ্শনেৰে ৩৩ ৰাণ খৰছ কৰি ৪ টাকৈ উইকেট দখল কৰে ।
উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত খেলখনত ভাৰতীয় দলে আটাইকেইটা উইকেট হেৰুৱাই ১৭৯ ৰাণহে সংগ্ৰহ কৰিছিল । নিউজিলেণ্ডে ৪ টা উইকেট হেৰুৱাই ৩৭ অ'ভাৰতে এই ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী ৱাৰ্ম আপ মেচত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ উপৰি নিউজিলেণ্ডে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নামিব ।