স্পৰ্টছ ডেস্ক, 18 জুন : সোমবাৰে অনুষ্ঠিত বিশ্বকাপৰ 23 সংখ্যক মেচত ৱেষ্টইণ্ডিজৰ মুখামুখি হয় বাংলাদেশ ৷ টাউনটন, কাউন্ট্ৰি গ্ৰাউণ্ডত বিয়লি 3 বজাৰ লগে লগে আৰম্ভ হয় খেলখন ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশে ৷ ৱেষ্টইণ্ডিজে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 321 ৰাণ ৷
ৱেষ্টইণ্ডিজৰ বৈ ছাই হোপে সংগ্ৰহ কৰে সৰ্বাধিক 96 ৰাণ ৷ ইপিনে, 322 ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বাংলাদেশে ছাকিব -আল-হাছানৰ শতক আৰু লিটন দাসৰ দুৰ্দান্ত 94 ৰাণৰ জৰিয়তে 41.3 অভাৰত 3 টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷ বাংলাদেশৰ হৈ ছাকিব -আল-হাছানে সংগ্ৰহ কৰে 124 ৰাণ ৷ উল্লেখ্য যে, ছাকিব-লিটনে চতুৰ্থ উইকেটৰ যুটীত সংগ্ৰহ কৰে 189 ৰাণ ৷
আজি বিশ্বকাপৰ আন এখন খেলত আয়োজক দল ইংলেণ্ডৰ মুখামুখি হ'ব আফগানিস্তান ৷ এইপৰ্যন্ত ইংলেণ্ডে 4 খন খেলৰ 3 খনতেই জয়লাভ কৰি পইন্টচ তালিকাৰ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে 4 খন খেলতেই পৰাস্ত হৈ পইন্টচ তালিকাৰ অন্তিম স্থানত আছে আফগানিস্তান ৷