ETV Bharat / sports

বিশ্বকাপত শ্বামীৰ বিধ্বংসী বলিং - 5 wicket

2019 ক্ৰিকেট বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন মহম্মদ শ্বামীৰ ৷ ইংলেণ্ডৰ বিৰুদ্ধে দখল 5 টাকৈ উইকেট ৷

পাঁচ উইকেট লাভ মহম্মদ শ্বামীৰ
author img

By

Published : Jun 30, 2019, 7:49 PM IST

স্পৰ্টছ ডেস্ক, 30 জুনঃ বাৰ্মিংহামত অনুষ্ঠিত হৈছে বিশ্বকাপৰ 38 সংখ্যক মেচ ৷ সন্মুখ সমৰত নামিছে ভাৰত বনাম ইংলেণ্ড ৷ খেলখনত মহম্মদ শ্বামীৰ বিধ্বংসী বলিং ৷ দখল কৰিবলৈ সক্ষম হয় পাঁচটাকৈ উইকেট ৷ শ্বামীয়ে নিৰ্ধাৰিত 10 অভাৰত 1 টা মেডেইন অভাৰ সহ 69 ৰান খৰচ কৰি দখল কৰে 5 টা উইকেট ৷ শ্বামীৰ বলত আউট হয় জনী বেয়াৰেষ্ট’ (111), জ’ৰুট (44), ইয়ন মৰ্গান (1), জছ বাটলাৰ (20), ক্ৰীছ ৱক্ছ (7) ৷ বিশ্বকাপত অব্যাহত আছে মহম্মদ শ্বামীৰ বিধ্বংসী বলিং ৷ ইয়াৰ পূৰ্বে শ্বামীয়ে আফগানিস্তানৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰি বিশ্বকাপত হেটট্ৰিক লোৱা দ্বিতীয়গৰাকী ভাৰতীয়ৰ কৃতিত্ব লাভ কৰিছিল শ্বামীয়ে ৷ শ্বামীৰ পূৰ্বে এই অভিলেখ গঢ়িছিল চেতন শৰ্মাই ৷

etv
india vs England

বাৰ্মিংহামত অনুষ্ঠিত মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ইংলেণ্ডে 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 337 ৰান ৷ ভাৰতক জয়ৰ বাবে প্ৰয়োজন 338 ৰানৰ ৷ ছেমিফাইনেলৰ দৌৰত বৰ্তি থাকিবলৈ জয় নিতান্তই প্ৰয়োজন ইংলেণ্ডক ৷ আনহাতে আজিৰ মেচখনত জয় লাভ কৰিলেই ছেমিফাইনেলত প্ৰৱেশ কৰিব ভাৰতে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.