ETV Bharat / sports

বিশ্বকাপঃ চমৎকাৰৰ প্ৰয়োজন পাকিস্তানক ! - WORLD CUP

আজি বিশ্বকাপৰ 43 সংখ্যক মেচত ক্ৰিকেটৰ মক্কা লণ্ডনত মুখামুখি হ’ব পাকিস্তান আৰু বাংলাদেশ ৷ মেচখনত চমৎকাৰেহে ছেমি ফাইনেলত স্থানত সুনিশ্চিত কৰিব পাকিস্তানক ৷

বিশ্বকাপঃ চমৎকাৰৰ প্ৰয়োজন পাকিস্তানক !
author img

By

Published : Jul 5, 2019, 8:22 AM IST

স্পৰ্টছ ডেস্ক, 5 জুলাইঃ বিশ্বকাপৰ 43 সংখ্যক মেচত আজি ক্ৰিকেটৰ মক্কা লণ্ডনত মুখামুখি হ’ব পাকিস্তান আৰু বাংলাদেশ ৷ বাংলাদেশৰ বাবে এইখন মেচ হৈছে স্বাভিমানৰ যুঁজ ৷ আনহাতে পাকিস্তানৰ বাবে ছেমিফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ এতিয়া প্ৰয়োজন চমৎকাৰৰ ৷ পাকিস্তান দলটোৱে বৰ্তমান পইণ্টছ টেবুলত 9 পইণ্টেৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে 11 পইণ্টেৰে চতুৰ্থ স্থানত আছে নিউজিলেণ্ড ৷ যদি আজিৰ মেচখনত পাকিস্তানে জয় লাভ কৰে তেন্তে 11 পইণ্টেৰে নিউজিলেণ্ডৰ সমপৰ্যায় লাভ কৰিব ৷ কিন্তু নেট ৰান ৰেটত পাকিস্তান দলটো নিউজিলেণ্ডতকৈ যথেষ্ট পিচপৰি আছে ৷

এতিয়া ছেমিফাইনেলত স্থান লাভ কৰিবলৈ পাকিস্তানক প্ৰয়োজন- প্ৰথমে বেটিং কৰিলে পাকিস্তানে যদি 350 ৰান কৰে তেন্তে 311 ৰানত পৰাস্ত কৰিব লাগিব বাংলাদেশক ৷ যদিহে 400 ৰান কৰে তেন্তে 316 ৰানত পৰাস্ত কৰিব লাগিব বাংলাদেশক ৷ আনহাতে পাকিস্তানে যদি মেচখনত 450 ৰান কৰিবলৈ সক্ষম হয় তেন্তে 321 ৰানত পৰাস্ত কৰিব লাগিব বাংলাদেশক ৷ অন্যহাতে টছত যদি বাংলাদেশে জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে পোনপটীয়াকৈ ছেমিফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব পাকিস্তান দলটো ৷ গতিকে আজিৰ মেচখনত এক চমৎকাৰে হে ছেমিফাইনেলৰ স্থান সুনিশ্চিত কৰিব পাৰিব পাকিস্তানক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.