নিউজ ডেস্ক,১ জুন: ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন তথা অ'পেনাৰ ক্ৰিছ গেইলে শুকুৰবাৰে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত এক অভিলেখৰ অধিকাৰী হয়। দক্ষিণ আফ্ৰিকাৰ এবিডি ভিলিয়াৰ্ছে বিশ্বকাপত সংগ্ৰহ কৰা সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে ক্ৰিছ গেইলে। ভিলিয়াৰ্ছে বিশ্বকাপৰ ২৩ খন মেচত গোটোৱা ৩৭ টা ছয়ৰ বিপৰীতে গেইলে ২৭ খন মেচত ৪০ টাকৈ ছয় সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী হয়।
