ETV Bharat / sports

2019 বিশ্বকাপঃ ইংলেণ্ডৰ 311 ৰান সংগ্ৰহ - দক্ষিণ আফ্ৰিকা

লণ্ডনৰ অভেল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে আই চি চি এদিনীয়া ক্ৰিকেট 2019 বিশ্বকাপৰ প্ৰথমখন মেচ ৷ সম্মুখ সমৰত নামিছে দক্ষিণ আফ্ৰিকা-ইংলেণ্ড ৷ বিশ্বকাপৰ প্ৰথমখন মেচত ইংলেণ্ডৰ সংগ্ৰহ 311 ৰান ৷

2019 বিশ্বকাপঃ ইংলেণ্ডৰ সংগ্ৰহ 311 ৰান
author img

By

Published : May 30, 2019, 7:50 PM IST

স্পৰ্টছ ডেস্ক, 30 মে’: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচ মুখামুখি হৈছে আয়োজক দেশ ইংলেণ্ড ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাই ৷ দক্ষিণ আফ্ৰিকাৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ আহি ঘৰুৱা দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 311 ৰান ৷ উল্লেখ্য যে, খেলখনত ইংলেণ্ড দলটোৱে 1 ৰানতেই নিজৰ প্ৰথমটো উইকেট হেৰুৱাইছিল ৷ জনী বেয়াৰিষ্টক ব্যক্তিগত শূণ্য ৰানতে তাহিৰে উইকেটৰ পিচত কেচ আউট কৰিবলৈ সক্ষম হয় ৷

etv bharat
ৰুটৰ অৰ্ধশতক

ইয়াৰ পাচত ইংলেণ্ড দলটোক সুস্থিৰতা প্ৰদান কৰে জেছন ৰয় আৰু অধিনায়ক জু ৰুটে ৷ ৰয়ে 54 ৰান কৰি আউট হোৱাৰ বিপৰীতে ৰুটে কৰে 51 ৰান ৷ আনহাতে অধিনায়ক ইয়ন মৰ্গানে 57 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইপিনে ইংলেণ্ড দলটোৰ হৈ সৰ্বাধিক 89 ৰান কৰে বেন ষ্টক্ছে ৷ জছ বাটলাৰ 18, মইন আলী 3 ৰান কৰি পেভিলিয়নমুখী হয় ৷

etv bharat assam
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ সংগ্ৰহ 311 ৰান

দক্ষিণ আফ্ৰিকাৰ হৈ লুংঙি এনগিডিয়ে 10 অভাৰত 66 ৰান দি সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ আনহাতে ইমৰাণ তাহিৰ আৰু কাগিছ ৰাবাডাই লাভ কৰে 2-2 টা কৈ উইকেট ৷ 1 টা উইকেট ল’বলৈ সক্ষম হয় এণ্ডিলে ফেলুকুৱেওৱে ৷ 2019 বিশ্বকাপৰ প্ৰথমখন মেচত এতিয়া দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে প্ৰয়োজন 312 ৰানৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.