ETV Bharat / sports

মোক ভাল পোৱা সকলৰ বাবেই মই জীয়াই থাকিবলৈ প্ৰেৰণা পাইছিলো : এছ শ্ৰীশান্ত - supreme court

২০১৩ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ কঁপাই তোলা ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ এচ শ্ৰীশান্ত স্পট ফিক্সিঙত জড়িতৰ অভিযোগ উঠিছিল ৷ সেই একে বছৰৰে ২৩ আগষ্টত বিচিচিআইয়ে আজীৱন নিষিদ্ধ ঘোষণা কৰাৰ অন্তত আত্মহত্যাৰ দৰে সিদ্ধান্ত লোৱাৰ চিন্তা কৰিছিল খেলুৱৈগৰাকীয়ে । সেই ক'লা অধ্যায়ৰ সময় চোৱাত মনলৈ অহা আত্মহত্যাৰ দৰে সিদ্ধান্তৰ বিৰুদ্ধে নিজৰ লগত নিজেই বহুত যুঁজিব লগা হৈছিল বুলি কয় শ্ৰীশান্তে ।

Battled with suicidal thoughts incessantly in 2013: Sreesanth
মোক ভাল পোৱা সকলৰ বাবেই মই জিয়াই থাকিবলৈ প্ৰেৰণা পাইছিলো
author img

By

Published : Jun 21, 2020, 11:42 PM IST

নিউজ ডেস্ক, ২১জুন : ২০১৩ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ কঁপাই তোলা ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ এচ শ্ৰীশান্ত স্পট ফিক্সিঙত জড়িতৰ অভিযোগ উঠিছিল ৷ সেই একে বছৰৰে ২৩ আগষ্টত বিচিচিআইয়ে আজীৱন নিষিদ্ধ ঘোষণা কৰাৰ অন্তত আত্মহত্যাৰ দৰে সিদ্ধান্ত লোৱাৰ চিন্তা কৰিছিল খেলুৱৈগৰাকীয়ে । সেই ক'লা অধ্যায়ৰ সময় চোৱাত মনলৈ অহা আত্মহত্যাৰ দৰে সিদ্ধান্তৰ বিৰুদ্ধে নিজৰ লগত নিজেই বহুত যুঁজিব লগা হৈছিল বুলি কয় শ্ৰীশান্তে ।

ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ শ্ৰীশান্তে ২০১৩ বৰ্ষৰ সেই বেয়া সময় চোৱাত ধাৰাবাহিক ভাৱে যুঁজিব লগা হৈছিল । যি ঠাইলৈকে গৈছিল তাতেই একেটাই চিন্তাই আৱৰি আছিল যদিও পৰিয়ালৰ সকলো সদস্যই সাহস দি আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিছিল । মই জানো তেওঁলোকক মোৰ প্ৰয়োজন আছে, ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ জয়ী দলৰ এগৰাকী অংশীদাৰ, শ্ৰীশান্ত ।

Battled with suicidal thoughts incessantly in 2013: Sreesanth
মোক ভাল পোৱা সকলৰ বাবেই মই জিয়াই থাকিবলৈ প্ৰেৰণা পাইছিলো

অলপতে মৃত্যুক আঁকোৱালি লোৱা সুশান্ত সিং ৰাজপুতৰে শ্ৰীশান্তৰ এক ভাল সম্পৰ্ক আছিল । যোৱা কেইবামাহ ধৰি হতাশাত ভুগি আত্মহত্যাৰ দৰে এক চূড়ান্ত সিদ্ধান্ত লোৱাত আচৰিত হৈ পৰা বুলি উল্লেখ কৰিলে দ্ৰুত বলাৰ গৰাকীয়ে । তেওঁ কয় যে, "শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ এই ঘটনাই মোক অতিকে প্ৰভাবিত কৰি তুলিলে । যিহেতু সুশান্ত মোৰ এগৰাকী ঘনিষ্ঠ বন্ধু আছিল" ।

এটা সময়ত মইও সেই পৰ্যায়ত আছিলো যদিও ভাবিছিলো মোৰ অনুপস্থিতিয়ে সেইসকলক কিমান আঘাট দিব, যিসকলে মোক অত্যন্ত বিশ্বাস কৰাৰ লগতে ভাল পাইছিল । ইতিমধ্যে মই এখন সৰু কিতাপ লিখি আছো আৰু সম্ভৱত এমাহৰ ভিতৰতে লিখা সমাপ্ত হ'ব । য'ত নিসংগতাৰ বিষয়ে তুলি ধৰাৰ চেষ্টা কৰা হৈছে ।

এচ শ্ৰীশান্তে উল্লেখ কৰে যে, "মই কেতিয়াও কাৰো ওচৰত নিজৰ দুৰ্বলতা দেখুৱাব বিচৰা নাছিলো । কেৱল প্ৰতি মুহুৰ্তত অকলশৰে কান্দিছিলো আৰু মোৰ ভুল ক'ত হৈছিল আৰু মোৰ লগত কি হৈ গ'ল ! মই এনে এটা জীৱন অতিবাহিত কৰিছো যাক চম্ভালি লোৱাটো আছিল অতিকে কঠিন । অৱশেষত মই মোৰ চখটোক নতুনকৈ আৱিস্কাৰ কৰিবলৈ আৰম্ভ কৰাৰ লগতে কামত ব্যস্ত হবলৈ চেষ্টা কৰিলো ।

উল্লেখ্য যে,২০১৮ চনত কেৰালা উচ্চ ন্যায়ালয়ে বিচিচিআইৰ দ্বাৰা শ্ৰীশান্তৰ ওপৰত আৰোপ কৰা আজীৱন নিষেধাজ্ঞা সমাপ্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ খণ্ডন কৰে । ইয়াৰ পাছত উচ্চ ন্যায়ালয়ৰ আন এক খণ্ডপীঠে নিষেধাজ্ঞা সমূহ পুনৰ বাহাল ৰখাৰ নিৰ্দেশনা জাৰি কৰে ।

এচ শ্ৰীশান্তে আদালতৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল যদিও যোৱা বৰ্ষৰ মাৰ্চত বিচিচিআইৰ নিষেধাজ্ঞা বাহাল থকাৰ আদেশ দিয়ে যদিও শাস্তিৰ পৰিমান কম কৰিবৰ বাবে পৰামৰ্শ দিয়ে । ইয়াৰ পাছতে বিচিচিআইয়ে শ্ৰীশান্তৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞা সাত বছৰ কমাই দিয়ে আৰু ইয়াৰ পাছতে চলিত বৰ্ষৰ আগষ্ট মাহত নিষেধাজ্ঞা সমাপ্ত হ'ব । ৩৭ বছৰীয়া এই খেলুৱৈ গৰাকীয়ে ২৭ খন টেষ্ট মেচ, ৫৩খন এদিনীয়া ক্ৰিকেট আৰু ১০খন টি-২০ খেলিছিল আৰু য'ত ক্ৰমে ৮৭, ৭৫ আৰু ৭টাকৈ উইকেট ল'বলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : কৰণাতংক : মুম্বাইৰ উপনগৰীয় ৰে'ল চলায় কেন্দ্ৰীয় ৰেল বিভাগৰ মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.