স্পৰ্টছ ডেস্ক, 17 মে’: ইংলেণ্ড আৰু ৱেলছত অহা 30 মে’ৰ পৰা আৰম্ভ হ’ব আই চি চি ৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্বাদশ সংস্কৰণ ৷ 30 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ অন্ত পৰিব 14 জুলাইত ৷ ইপিনে এইবাৰ পূৰ্বৰ তুলনা খিতাপ জয়ী দলক দিয়া হ’ব আইটাইতকৈ বেছি পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ৷ বিজয়ী দলে এইবাৰ লাভ কৰিব 40 লাখ ডলাৰ বিপৰীতে বিজিত দলে লাভ কৰিব 20 লাখ ডলাৰ ৷
46 দিনলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হোৱা দলে 20 লাখ ডলাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ছেমিফাইনেলত পৰাস্ত হোৱা দলে লাভ কৰিব 800,000 ডলাৰ ৷ আনহাতে লীগ মেচত লাভ কৰা প্ৰত্যেক দলে লাভ কৰিব 40,000 ডলাৰ ৷ ইয়াৰ ওপৰি লীগ মেচৰ স্তৰ অতিক্ৰম কৰা দলে লাভ কৰিব 1 লাখ ডলাৰকৈ ৷
উল্লেখ্য যে, 14 জুলাইত ইংলেণ্ডৰ ঐতিহাসিক লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ফাইনেলৰ ফাইনে মেচখন ৷ আনহাতে ছেমিফাইনেলৰ মেচবোৰ 9 ৰ পৰা 11 জুলাইৰ মাজত অনুষ্ঠিত হ’ব বাৰ্মিংহামৰ এজবেষ্টনৰ লগতে মেনচেষ্টাৰৰ এল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত ৷
টুৰ্ণামেণ্টত প্ৰথমখন মেচ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱাৰ বিপৰীতে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব 5 জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৷ এতিয়া 10 খন দেশৰ এই মহাযুঁজত কোন জয়ী হ’ব সময়তহে লক্ষ্যণীয় হ’ব ৷