নিউজ ডেস্ক, ১১ মাৰ্চ: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ বেটচ্মেন স্মৃতি মান্ধানাই শেহতীয়া টি ২০ ৰেংকিঙত তৃতীয় স্থানলৈ উন্নীত হয় । বাওঁহতীয়া অপেনাৰ গৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে অনুস্থিত হৈ যোৱা ৩ খনীয়া টি ২০ শৃংখলাত ভাৰতৰ হৈ সৰ্বোচ্চ ৭২ ৰাণ সংগ্ৰহ কৰে । ৬৯৮ পইণ্টেৰে খেলুৱৈ গৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ ডিয়াণ্ড্ৰা দতিনৰ স্থান অধিকাৰ কৰে ।
ইয়াৰ উপৰিও নিউজিলেণ্ডৰ অধিনায়ক ছুজি বেটছে প্ৰথম স্থান দখল কৰাৰ লগতে ডিয়াণ্ড্ৰা দতিনে দ্বিতীয় স্থানলৈ উন্নীত হৈছে ।