ETV Bharat / sports

ছুপাৰ ছানডে' : ক্ৰীড়া অনুৰাগীৰ বাবে দিনটোৰ তিনিটা শুভ ক্ষণ

author img

By

Published : Jan 20, 2020, 2:18 AM IST

ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ বাবে দেওবাৰৰ দিনটো এটা শুভ দিন হিচাপে পৰিগণিত হৈছে ৷ ক্ৰীড়াৰ বিভিন্ন শিতানত ভাৰতে সাফল্য অৰ্জন কৰে দেওবাৰৰ দিনটোত ৷

ক্ৰীড়া অনুৰাগীৰ বাবে দিনটোৰ তিনিটা ভাল খবৰ
ছুপাৰ ছানডে'

স্পৰ্টছ ডেস্ক, 20 জানুৱাৰী : দেওবাৰৰ দিনটো ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে আছিল এটা আনন্দৰ দিন ৷ দেওবাৰৰ দিনটোতে তিনিটাকৈ বিভিন্ন ক্ৰীড়াত ভাৰতে বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ছুপাৰ ছানডে'

ভাৰতীয় ক্ৰিকেট দলৰ হাতত বিধ্বস্ত অষ্ট্ৰেলিয়া :
ভাৰতীয় দলে দখল কৰিছে অন্য এক আন্তৰাষ্ট্ৰীয় এদিনীয়া শৃংখলা ৷ শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় তথা চূড়ান্ত মেচত 7 উইকেটত জয় সাব্যস্ত কৰে দলটোৱে ৷ মুম্বাইত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত পৰাস্ত হৈ 1-0 ত পিছপৰি থকাৰ পাচতো অন্তিম দুখন মেচত জয়েৰে 2-1 ব্যৱধানত শৃংখলা দখল কৰিবলৈ সক্ষম হয় কোহলী নেতৃত্বাধীন ভাৰতীয় দলে ৷

অষ্ট্ৰেলিয়াই গঢ়া 287 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় অ'পেনাৰদ্বয় ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলে 69 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷ ৰাহুলে 19 ৰাণ সংগ্ৰহ কৰি আউট হোৱাৰ পাচতে বিৰাট কোহলী 3 সংখ্যক স্থানত বেটিঙৰ বাবে আহে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 119 ৰাণৰ সুন্দৰ ইনিংছ খেলে ৷ আনহাতে, অধিনায়ক বিৰাট কোহলীয়েও 89 ৰাণ সংগ্ৰহ কৰি জোছ হেজলওদৰ বলত উইকেট হেৰুৱায় ৷ খেলত অন্তিম সময়ত শ্ৰেয়াস আয়াৰে অপৰাজিত 44 ৰাণৰ ইনিংছ উপহাৰ দিয়ে ৷ ইয়াৰ জৰিয়তে 15 টা বল বাকী থকা অৱস্থাতে ভাৰতীয় দলে 7 উইকেটত জয় সাব্যস্ত কৰে ৷

অষ্ট্ৰেলিয়াক 7 উইকেটত পৰাস্ত
ভাৰতীয় ক্ৰিকেট দল

নেদাৰলেণ্ডছক পৰাস্ত ভাৰতীয় হকী দলৰ :
ভাৰতীয় হকী দলে নেদাৰলেণ্ডছৰ বিৰুদ্ধে FIH Pro League ৰ দ্বিতীয়খন মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছে ৷ 3-1 ব্যৱধানত শ্বুটআউটৰ জৰিয়তে ভাৰতীয় দলে জয়ী হয় ৷ দুয়ো দলে 3-3 ত ড্ৰ' খেলাৰ পাচতে মেচখন শ্বুটআউটলৈ যায় ৷ শনিবাৰে অনুষ্ঠিত প্ৰথমখন মেচত 5-2 ব্যৱধানত পৰাস্ত হোৱাৰ পাচত দ্বিতীয় মেচত নেদাৰলেণ্ডছ দলে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ৷

প্ৰথম কোৱাৰ্টাৰত দুয়ো দলে গ'ল কৰিবলৈ সক্ষম নহয় ৷ 24 মিনিটত মিংক ভান ডাৰ ওৱেৰদনে এটা পেনাল্টী কৰ্নাৰ গ'ললৈ ৰূপান্তৰিত কৰে ৷ ইয়াৰ পাচতে ললিত উপাধ্যায়ৰ জৰিয়তে ভাৰতে সমতা স্থাপন কৰে ৷ নেদাৰলেণ্ডছৰ জেৰোয়েন হাৰ্টছবাৰ্গাৰ আৰু বিজৰ্ন কেলাৰমেনে দুটাকৈ গ'ল কৰি 3-1 ত অগ্ৰগতি লাভ কৰে ৷ ভাৰতৰ হৈ 51 মিনিটত মন্দীপ সিঙে এটা গ'ল কৰাৰ লগতে ৰূপীন্দৰপাল সিঙে এটা গ'ল কৰি 3-3 ত সমতা স্থাপন কৰে ৷ ইয়াৰ পাচতে প্ৰয়োগ কৰা শ্বুটআউটত ভাৰতীয় দলে 3-1 ব্যৱধানত জয়ী হয় ৷

শ্বুটআউটৰ জৰিয়তে নেদাৰলেণ্ডছক 3-1 ত পৰাস্ত
ভাৰতীয় হকী দল

অনুৰ্দ্ধ-19 বিশ্বকাপ অ'পেনাৰত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ :
অধিনায়ক প্ৰিয়ম গাৰ্গ (56), অপেনাৰ যশশ্বী জয়ছৱাল (59) আৰু উইকেট কীপাৰ ধ্ৰুৱ জুৰেলৰ (অপৰাজিত 52) ৰ জৰিয়তে অনুৰ্দ্ধ-19 বিশ্বকাপত শ্ৰীলংকাক 90 ৰাণত পৰাস্ত কৰে অনুৰ্দ্ধ-19 ভাৰতীয় ক্ৰিকেট দলে ৷

প্ৰথমে বেটিং কৰি ভাৰতীয় দলে 4 টা উইকেট হেৰুৱাই 297 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পৰিৱৰ্তে শ্ৰীলংকা দলে আটাইকেইটা উইকেট হেৰুৱাই 207 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

শ্ৰীলংকাক 90 ৰাণত পৰাস্ত
অনুৰ্দ্ধ-19 ভাৰতীয় ক্ৰিকেট দল

আৰু পঢ়ক : তৃতীয় এদিনীয়াত শতকঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 9000 ৰান সম্পূৰ্ণ ৰোহিত শৰ্মাৰ

Intro:Body:

Hockey Team, Team India, U-19 World Cup, FIH Pro League

Hyderabad: It was an action pack Sunday for sports lovers as three Indian teams were playing at three different places, in three different games and Indian teams recorded victories in all three events.

It was a thrilling encounter in Hockey to start with as the match went down to the wire and India defeated the Netherlands in penalty shoot. Then Team India playing the last match of the series defeated Australia to clinch the series 2-1. And at last, the U-19 India team playing its first match of the World Cup thrashed Sri Lanka.

Let's have a look at the detail reports of the match

Team India beat Australia in the decider to win series

The Indian cricket team notched up yet another ODI series win after thumping Australia by seven wickets in the third and final ODI of three-match series. The win enabled India to win the series 2-1 after going down 1-0 in the first ODI which was played in Mumbai.

Chasing a target of 287, the Indian openers Rohit Sharma and KL Rahul started strong and stitched on a partnership of 69 runs before Rahul (19) perished as he was adjudged leg-before wicket off Ashton Agar's delivery.

India beat the Netherlands in a thrilling shoot-out

In a thrilling encounter, India's hockey team defeated Netherlands in their second FIH Pro League match here on Sunday. India  Netherlands  FIH Pro League  BhubaneswarIndiaThe Indian men's hockey team made a late comeback to level the scores before emerging 3-1 victorious in the shoot-out.

India secured two points from the match (including the bonus point for winning the shoot-out), while the Netherlands got one point as the scoreline was 3-3 at the regulation time.

India colts beat Sri Lanka by 90 runs in U-19 World Cup opener

Riding on the knocks of skipper Priyam Garg (56), opener Yashasvi Jaiswal (59) and wicketkeeper Dhruv Jurel (52 not out), defending champions India beat Sri Lanka by 90 runs in the opening encounter of the ICC U-19 World Cup here on Sunday.

Batting first India scored 297 for four and then bowled out Sri Lanka for 207 with spinners Siddhesh Veer and Ravi Bishnoi getting two wickets apiece.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.