স্পৰ্টছ ডেস্ক, 5 আগষ্ট : চাৰিজনীয়া উচ্চপদস্থ শ্ৰীলংকা ক্ৰিকেট সুৰক্ষাৰ প্ৰতিনিধি বাহিনীয়ে আগষ্টৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈ পাকিস্তান ভ্ৰমণ কৰিব ৷ শ্ৰীলংকা দলটোৱে পাকিস্তান ভ্ৰমণৰ পূৰ্বে সুৰক্ষা সম্পৰ্কত নিৰীক্ষণ আৰু নিৰাপত্তা সম্পৰ্কীয় আলোচনাৰ বাবে এই দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব ৷
এই সুৰক্ষা প্ৰতিনিধি দলটোত থাকিব এয়াৰ চীফ মাৰ্শ্বাল ৰোশন গুনেটিলেকে (মুখ্য সুৰক্ষা উপদেষ্টা), চন্দিমা মাপাতুনা (আন্তৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰধান), এম. পি. চেনেবিৰত্নে (দুৰ্নীতি বিৰোধী আৰু সুৰক্ষাৰ সহকাৰী মেনেজাৰ) ৷
এই চাৰিজনীয়া দলটোৱে 7 আৰু 8 আগষ্টত কৰাচীৰ নেশ্বনেল ষ্টেডিয়াম আৰু লাহোৰৰ গাড্ডাফি ষ্টেডিয়াম ভ্ৰমণ কৰিব ৷ পাকিস্তান ক্ৰিকেট ব'ৰ্ডে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি, এই দলটোৱে সুৰক্ষা সন্দৰ্ভত স্থানীয় আইন বলৱৎকাৰী সংস্থা আৰু বিশেষজ্ঞ সকলৰ সৈতে এক আলোচনাত মিলিত হ'ব ৷
পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ সঞ্চালক জাকিৰ খানে এই সম্পৰ্কত মন্তব্য কৰে যে, অন্য ক্ৰিকেট আয়োজক দেশবোৰৰ দৰে পাকিস্তানো এতিয়া সম্পূৰ্ণ সুৰক্ষিত ৷
উল্লেখ্য যে, পাকিস্তান আৰু শ্ৰীলংকা দলে অক্টোবৰৰ পৰা পাকিস্তানৰ ভূমিত দুখন টেষ্টত অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি, 2021 আৰু 2022 চনত অনুষ্ঠিত হ'বলগা শৃংখলাৰ প্ৰস্তুতিৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডে ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহত পাকিস্তান ভ্ৰমণ কৰিব ৷