স্পৰ্টছ ডেস্ক, 7 অক্টোবৰঃ ছৈয়েব মালিকৰ অনুৰাগীলৈ সু-খবৰ ৷ টি-20 ক্ৰিকেটত 9000 ৰান সম্পূৰ্ণ কৰিলে পাকিস্তানৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ টি-20 ক্ৰিকেটত 9000 হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ চতুৰ্থগৰাকী খেলুৱৈ হৈছে মালিক ৷ দেওবাৰে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত গয়ানা এমেজন ৱাৰিয়াৰ্ছৰ হৈ এই অভিলেখ ৰচিবলৈ সক্ষম হয় মালিকে ৷ বাৰবাড’ছ ত্ৰিডেন্টছ বিৰুদ্ধে অনুষ্ঠিত মেচখনত 19 টা বলত 32 ৰান কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷
মালিকে বৰ্তমানলৈকে 356 খন টি-20 মেচত অৱতীৰ্ণ হৈ 9,014 ৰান কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে তেওঁৰ নামত আছে 142 টা উইকেট ৷ ইপিনে টি-20 ক্ৰিকেটত আটাইতকৈ সৰ্বাধিক ৰান কৰা খেলুৱৈৰ শীৰ্ষত আছে ক্ৰীছ গেইল ৷ তেওঁৰ নামত আছে 13,051 ৰান ৷
-
Mr Malik has now made 9000 runs in T20 cricket! @realshoaibmalik is the 4th cricketer to achieve this feat after @henrygayle , @Bazmccullum and @KieronPollard55. #GotGame #CPL19 #CPL2019 pic.twitter.com/UCiXcDl7nG
— Flaminko Sports 🏆 (@FlaminkoInc) October 6, 2019 " class="align-text-top noRightClick twitterSection" data="
">Mr Malik has now made 9000 runs in T20 cricket! @realshoaibmalik is the 4th cricketer to achieve this feat after @henrygayle , @Bazmccullum and @KieronPollard55. #GotGame #CPL19 #CPL2019 pic.twitter.com/UCiXcDl7nG
— Flaminko Sports 🏆 (@FlaminkoInc) October 6, 2019Mr Malik has now made 9000 runs in T20 cricket! @realshoaibmalik is the 4th cricketer to achieve this feat after @henrygayle , @Bazmccullum and @KieronPollard55. #GotGame #CPL19 #CPL2019 pic.twitter.com/UCiXcDl7nG
— Flaminko Sports 🏆 (@FlaminkoInc) October 6, 2019
টি-20 ত সৰ্বাধিক ৰান কৰা খেলুৱৈঃ
প্ৰথম স্থানঃ ক্ৰীছ গেইল (ৱেষ্ট ইণ্ডিজ): 13,051 ৰান
দ্বিতীয় স্থানঃ ব্ৰেণ্ডন মেক্কুলাম (নিউজিলেণ্ড): 9,922 ৰান
তৃতীয় স্থানঃ কাইৰণ পলাৰ্ড (ৱেষ্ট ইণ্ডিজ): 9,757 ৰান
চতুৰ্থ স্থানঃ ছৈয়েব মালিক (পাকিস্তান): 9,014 ৰান