ETV Bharat / sports

মেচ ফিক্সিঙৰ পুৰণি অধ্যায়ে বিপদ নমাব নেকি ভাৰতীয় ক্ৰিকেটাৰলৈ ! - মেচ ফিক্সিঙ

মেচ ফিক্সিঙত জড়িত থকাৰ অভিযোগত সঞ্জীৱ চাওলাৰ নামৰ লগত সাঙুৰ খাই পৰিছে বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম ৷ দিল্লী আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি ব্ৰিটিছ নাগৰিক সঞ্জীৱ চাওলা বহু আন্তঃৰাষ্ট্ৰীয় খেলৰ মেচ ফিক্সিঙৰ লগত জড়িত আছিল

Hansie Cronje
সঞ্জীৱ চাওলা
author img

By

Published : Feb 13, 2020, 4:55 PM IST

নিউজ ডেস্ক , 13 ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্ৰিকাৰ প্ৰয়াত প্ৰাক্তন অধিনায়ক হেনচি ক্ৰনজৰ বিৰুদ্ধে থকা মেচ ফিক্সিঙৰ মূল অভিযুক্ত সঞ্জীৱ চাওলাক বৃহস্পতিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাচতে বহু ভাৰতীয় ক্ৰিকেটাৰ জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ দিল্লী আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি ব্ৰিটিছ নাগৰিক সঞ্জীৱ চাওলা বহু আন্তঃৰাষ্ট্ৰীয় খেলৰ মেচ ফিক্সিঙৰ লগত জড়িত আছিল ৷ উল্লেখযোগ্য যে,আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি চাওলাৰ সন্দৰ্ভত থকা গোচৰৰ লগত সাঙোৰ খাই আছে বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম ৷

Sanjeev Chawla
সঞ্জীৱ চাওলা

অপৰাধ অনুসন্ধান শাখাৰ তথ্য অনুসৰি,2000 চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে সঞ্জীৱ চাওলাৰ লণ্ডনস্থিত বাসগৃহৰ ফোনলৈ বাৰম্বাৰ ফোন কৰাৰ তথ্য পোৱা গৈছে ৷ তেওঁলোকৰ ফোনকলৰ তথ্যও অপৰাধ অনুসন্ধান শাখাৰ হাতত থকাৰ কথা ইতিমধ্যেই প্ৰকাশ কৰিছে অপৰাধ অনুসন্ধান শাখাই ৷

Sanjeev Chawla
মেচ ফিক্সিঙৰ পুৰণি অধ্যায়ে বিপদ নামব নেকি ভাৰতীয় ক্ৰিকেটাৰলৈ !

2000 চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ ক্ৰিকেট শৃংখলাৰ সময়ত মেচ ফিক্সিঙত জড়িত হৈছিল সঞ্জীৱ চাওলা ৷ "ক্ৰিকেট মেচৰ সময়তেই লণ্ডনলৈ গুচি যোৱাৰ বাবে সেই সময়ত চাওলাৰ লগত এই বিষয়ে সোধা-পোছা কৰা সম্ভৱ ন’হল ৷ পাছলৈ চাওলাওই আন্তঃৰাষ্ট্ৰীয় বুকীৰ সৈতে ভাৰতীয় ক্ৰিকেটাৰৰ সম্বন্ধ স্থাপন কৰাৰ বিষয়টোও বিশেষ আগবঢ়াৱ পৰা নগ'ল ৷ " এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত দিল্লী আৰক্ষী আয়ুক্তই এইদৰে মন্তব্য কৰে ৷

লগতে পঢ়কঃটিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.