ETV Bharat / sports

চাবুৱাত উত্তৰ পূবৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয় - চাবুৱা

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ আগ মূহুৰ্তত গৃহভূমি চাবুৱাত কেইবাখনো অভিলাষী আঁচনিৰ লগতে উত্তৰ পূবৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

চাবুৱাত ' উত্তৰ পূবৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয়'
author img

By

Published : Mar 9, 2019, 7:41 PM IST

চাবুৱা, ৯ মাৰ্চঃ মণিপুৰৰ পিচত উত্তৰ পূবৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা শনিবাৰে স্থাপন কৰা হয় চাবুৱাত । প্ৰায় 6 কোটি ব্যয় সাপেক্ষ্যৰে নিৰ্মাণ হ'বলগীয়া এই ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ আধাৰশীলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে উঠি অহা প্ৰজন্মই খেলজগত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ উদ্দেশ্যৰেই নিৰ্মাণ কৰা হ'ব এই ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ।

চাবুৱাত ' উত্তৰ পূবৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয়'

ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ লগতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ আগ মূহুৰ্তত গৃহভূমি চাবুৱাত মুখ্যমন্ত্ৰীয়ে কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ পঞ্চম ৰাজ্যিক বিত্তীয় আয়োগ গ্ৰান্টৰ অধীনত চাবুৱা টাউন হলৰ আধাৰশিলাৰ লগতে চিগনেচাৰ প্ৰজেক্ট 2018-19ৰ অধীনত চাবুৱাত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা, বান গৰাখহনীয়া ৰোধৰ বাবে মুলুক গাঁও আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত পলস স্তুপীকৰণ (PROSILTATION) ব্যৱস্থাৰ যোগেদি খহনীয়া প্ৰতিৰোধ আঁচনি আৰু ভূমিহীনৰ মাজত পট্টা বিতৰণ কৰা আৰু অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত চাবুৱা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে ।

এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, অৰ্জুন ভুগেশ্বৰ বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য ডীপুৰঞ্জন মাক্ৰাৰী ,অসম হাউচিং বৰ্ডৰ সভাপতিসুভাষ দত্ত উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.