ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ প্ৰথম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ত

2 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ৷ বিশাখাপট্টনমত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ ৷ দলৰ পৰা বাহিৰ যুৱ উইকেটকীপাৰ ঋষভ পন্ত ৷

author img

By

Published : Oct 1, 2019, 10:54 PM IST

Rishabh pant out from first test

স্পৰ্টছ ডেস্ক, 1 অক্টোবৰঃ বুধবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'বলগা তিনিখন টেষ্ট মেচৰ প্ৰথমখন টেষ্ট মেচ ৷ বিশাখাপট্টনমত পুৱা 9.30 বজাত অনুষ্ঠিত হ’ব দুয়োটা দলৰ মাজত মহাযুঁজ ৷ ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দলৰ অন্তিম একাদশ ৷ দলত ঋদ্ধিমান সাহাই স্থান লাভ কৰাৰ বিপৰীতে দলৰ পৰা বাহিৰ হ’ল যুৱ উইকেটকীপাৰ ঋষভ পন্ত ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট মেচ

উল্লেখ্য যে, 22 মাহৰ পাচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন কৰিছে অভিজ্ঞ খেলুৱৈ ঋদ্ধিমান সাহাই ৷ সাহাৰ প্ৰত্যাৱৰ্তনত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক বিৰাট কোহলিয়ে কয়, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উইকেটকীপাৰ হিচাপে পৰিচিত সাহা ৷ আঘাতৰ বাবেই দীৰ্ঘদিন ধৰি দলৰ পৰা বাহিৰ আছিল খেলুৱৈগৰাকী ৷ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে সাহা ৷

প্ৰথমখন মেচৰ বাবে ভাৰতীয় দলটোত আছেঃ বিৰাট কোহলি (অধিনায়ক), অজ্যিংকা ৰাহানে (সহঃঅধিনায়ক), ৰোহিত শৰ্মা, ময়ংক আগৰৱাল, চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, আৰ.আশ্বিন, ৰবিন্দ্ৰ জাডেজা, ঋদ্ধিমান সাহা (উইকেটকীপাৰ), ইশান্ত শৰ্মা, মহম্মদ ছামী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.