ETV Bharat / sports

কনিষ্ঠতম টেষ্ট অধিনায়ক হিচাপে পৰিগণিত ৰছীদ খান

author img

By

Published : Sep 6, 2019, 3:26 PM IST

আফগানিস্তানৰ স্পীনাৰ ৰছীদ খানে টেষ্ট মেচত দলক নেতৃত্ব প্ৰদান কৰাৰ পাছতে টেষ্ট ক্ৰিকেটৰ কনিষ্ঠতম অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ পাছতে ৰছীদ খানে পূৰ্বৰ 15 বছৰীয়া অভিলেখ ভংগ কৰে ৷ 2004 চনত জিম্বাবৱে'ৰ টাটেন্দা টাইবুয়ে গঢ়া অভিলেখ ভংগ কৰে ৰছীদে ৷

কনিষ্ঠতম টেষ্ট অধিনায়ক হিচাপে পৰিগণিত ৰছীদ খান

স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰ : আফগানিস্তানৰ স্পীনাৰ ৰছীদ খানে টেষ্ট মেচত দলক নেতৃত্ব প্ৰদান কৰাৰ পাছতে টেষ্ট ক্ৰিকেটৰ কনিষ্ঠতম অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ পাছতে ৰছীদ খানে পূৰ্বৰ 15 বছৰীয়া অভিলেখ ভংগ কৰে ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ লগে লগে এই অভিলেখৰ অধিকাৰী হয় তেওঁ ৷ 2004 চনত জিম্বাবৱে'ৰ টাটেন্দা টাইবুয়ে গঢ়া অভিলেখ ভংগ কৰে ৰছীদে ৷ ৰছীদে 20 বছৰ 350 দিনতে এই অভিলেখৰ অধিকাৰী হোৱাৰ পৰিৱৰ্তে টাইবুয়ে 20 বছৰ 358 দিনত এই অভিলেখ গঢ়িছিল ৷

আফগানিস্তানৰ স্পীনাৰ ৰছীদ খান

2017 চনতে আফগানিস্তানে টেষ্ট খেলাৰ অধিকাৰ লাভ কৰিছিল যদিও ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটটোত সফলতা লাভ কৰিবলে সক্ষম হোৱা নাছিল ৷ প্ৰথমখন মেচতে আফগানিস্তানে ভাৰতৰ বিপক্ষে দুদিনৰ যুঁজতে পৰাস্ত হৈছিল ৷

বিশ্বকাপ ক্ৰিকেটত আফগানিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে ৰছীদ খানক দলটোৰ সকলো ফৰমেটৰ বাবে অধিনায়ক হিচাপে ঘোষণা কৰা হয় ৷ উল্লেখ্য যে, বিশ্বকাপৰ এখনো মেচত জয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আফগানিস্তান দল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.