ETV Bharat / sports

মেচ ফিক্সিং আইনৰ সংশোধন : পাকিস্তান ক্ৰিকেট বৰ্ডলৈ সহযোগিতা প্ৰধানমন্ত্ৰী খানৰ - অপৰাধ বিৰোধী নীতি-নিৰ্দেশনা আৰু মেচ ফিক্সিং আইনৰ সংশোধন

পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ এক সূত্ৰ মতে, পিচিবিৰ অধ্যক্ষ এহছান মানিয়ে ইমৰাণ খানক সাক্ষাৎ কৰাৰ পাচতে এই সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি, COVID-19 মহামাৰীৰ মাজতে ইংলেণ্ড ভ্ৰমণৰ বাবেও পাকিস্তান দলক অনুমতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী খানে ৷

পাকিস্তান ক্ৰিকেট বৰ্ডলৈ সহযোগিতা প্ৰধানমন্ত্ৰী খানৰ
মেচ ফিক্সিং আইনৰ সংশোধন
author img

By

Published : Jun 18, 2020, 9:43 AM IST

স্পৰ্টছ ডেস্ক, 18 জুনঃ পাকিস্তানে ক্ৰিকেট বৰ্ডে অপৰাধ বিৰোধী নীতি-নিৰ্দেশনা আৰু মেচ ফিক্সিং আইনৰ সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা দেশখনৰ ক্ৰিকেট বৰ্ডৰ পেট্ৰন ইন-চীফ ইমৰাণ খানে বৰ্ডলৈ আগবঢ়াইছে সমৰ্থন ৷

পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ এক সূত্ৰ মতে, পিচিবিৰ অধ্যক্ষ এহছান মানিয়ে ইমৰাণ খানক সাক্ষাৎ কৰাৰ পাচতে এই সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি, COVID-19 মহামাৰীৰ মাজতে ইংলেণ্ড ভ্ৰমণৰ বাবেও পাকিস্তান দলক অনুমতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী খানে ৷

মেচ ফিক্সিং আইনৰ সংশোধন
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

সূত্ৰই কয়, "নতুন আইনৰ খচৰাখনক ইমৰাণে খানে সমৰ্থন জনাইছে আৰু সংশ্লিষ্ট মন্ত্ৰণালয়ৰ সহযোগত প্ৰস্তুত কৰি সংসদত উত্থাপন কৰাৰ লগতে নতুন আইন হিচাপে প্ৰণয়ন কৰিব লাগে ৷"

এই নতুন আইন অনুসৰি, মেচ ফিক্সিং আৰু স্পট ফিক্সিঙক অপৰাধৰ অন্তৰ্ভূক্ত কৰাৰ লগতে অপৰাধীক প্ৰদান কৰিব লগা শাস্তিৰ ম্যাদ সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিব ৷

বিশেষজ্ঞসকলে জানিবলৈ দিয়ে যে, বিশেষ শাস্তিৰ কথা উল্লেখ নথকাৰ বাবে অপৰাধীসকলে এনে ধৰণৰ অপৰাধ কৰিবলৈ সুযোগ লাভ কৰি আহিছে ৷ শেহতীয়াকৈ টেষ্ট বেটছমেন ওমৰ আকমলক মেচ ফিক্সিঙৰ বাবে তিনিবছৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাচতে তেওঁ ইয়াৰ বিৰুদ্ধে স্বতন্ত্ৰ অধিবক্তাৰ কাষ চাপিছে ৷

আৰু পঢ়ক : ত্ৰিপুৰাৰ 19 বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ বাসগৃহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.