ETV Bharat / sports

আজিৰ দিনটোতেই শচীনে সম্পূৰ্ণ কৰিছিল ’শতকৰ শতক’

author img

By

Published : Mar 16, 2020, 3:28 PM IST

16 মাৰ্চ 2012 চনতেই বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিহাস ৰছিচিল শচীন তেণ্ডুলকাৰে ৷ ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন তেণ্ডুলকাৰে সম্পূৰ্ণ কৰিছিল 100 সংখ্যক শতক ৷

আজিৰ দিনটোতেই শচীনে সম্পূ্ৰ্ণ কৰিছিল ’শতকৰ শতক’

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ: 2012 চনৰ আজিৰ দিনটোতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিহাস ৰচিছিল শচীন তেণ্ডুলকাৰে ৷ বাংলাদেশৰ বিৰুদ্ধে আজিৰ দিনটোতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেৰিয়াৰৰ 100 সংখ্যক শতক অৰ্জন কৰিছিল শচীন তেণ্ডুলকাৰে ৷ এছিয়া কাপত বাংলাদেশৰ শ্বেৰ-এ বংগাল ষ্টেডিয়ামত এই কৃৰ্তিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেণ্ডুলকাৰে ৷ যিটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক অভিলেখ ৷ শচীনে মেচখনত 147 টা বলত 114 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল ৷ বিশ্ব ক্ৰিকেটত 100 টা শতক সম্পূৰ্ণ কৰা একমাত্ৰ খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ ৷ অৱশ্যে এইখন মেচত বাংলাদেশৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল ভাৰত ৷

শচীন তেণ্ডুলকাৰ
শচীন তেণ্ডুলকাৰ

প্ৰাক্তন খেলুৱৈ শচীনৰ নামত এদিনীয়া ক্ৰিকেটত 49 টা শতক থকাৰ বিপৰীতে টেষ্ট ক্ৰিকেটত শচীনৰ নামত আছে 51 টা শতক ৷ মাষ্টাৰ ব্লাষ্টাৰ নামে খ্যাত শচীন তেণ্ডুলকাৰৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ টেষ্ট কেৰিয়াৰত 15,921 ৰান, এদিনীয়াত 18,426 ৰান আৰু একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় টি-20ত আছে 10 ৰান ৷

সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতকৰ তালিকা
সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতকৰ তালিকা

সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা খেলুৱৈ সকল হৈছে- শচীন তেণ্ডুলকাৰ (100), ৰিকী পণ্টিং (71), বিৰাট কোহলি (70), কুমাৰ ছাংগাকাৰা (63), জেক কেলিছ (62) ৷

লগতে চাওক- কৰ’ণা ভাইৰাছ : হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.