স্পৰ্টছ ডেস্ক, 5 জুলাই : দেওবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগা হ'ল শ্ৰীলংকাৰ বেটছমেন কুশল মেণ্ডিছ ৷ কলম্বোত গাড়ীৰে এজন 74 বছৰীয়া লোকক মহতিয়াই নিয়াৰ পাচতে আৰক্ষীয়ে মেণ্ডিছক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, এই ঘটনাৰ ফলত বৃদ্ধি লোকজনে প্ৰাণ হেৰুৱায় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মেণ্ডিছক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হ'ব ৷
25 বৰ্ষীয় উইকেট কীপাৰ বেটছমেন মেণ্ডিছে শ্ৰীলংকাৰ জাতীয় দলৰ হৈ 44 খন টেষ্টৰ লগতে 76 খন এদিনীয়াত অংশগ্ৰহণ কৰিছে ৷ COVID-19 লকডাউনৰ পাচত আৰম্ভ হোৱা প্ৰশিক্ষণৰ জাতীয় দলৰো অংশ আছিল মেণ্ডিছ ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ শৃংখলা বাতিল কৰা হৈছে ৷
লগতে পঢ়ক : ধোনীৰ বাইক প্ৰীতি : চাওঁ আহক তেওঁৰ কালেকচনসমূহ