ETV Bharat / sports

আঘাতপ্ৰাপ্ত ৱেগনাৰৰ স্থানত নিউজিলেণ্ড দলত অন্তৰ্ভূক্ত মেট হেনৰী - নিউজিলেণ্ড বনাম পাকিস্তান

নিউজিলেণ্ড দলত অন্তৰ্ভূক্ত পেচাৰ মেট হেনৰী ৷ নেইল ৱেগনাৰৰ স্থানত দলত সুযোগ লাভ কৰে হেনৰীয়ে ৷

নিউজিলেণ্ড বনাম পাকিস্তান
মেট হেনৰী
author img

By

Published : Jan 1, 2021, 1:07 PM IST

স্পৰ্টছ ডেস্ক, 1 জানুৱাৰী : পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচত আঘাতৰ বাবে বাহিৰ হোৱা বাওঁহতীয়া পেচাৰ নেইল ৱেগনাৰৰ স্থানত দলত সুযোগ লাভ কৰিছে পেচাৰ মেট হেনৰীয়ে ৷

প্ৰথম টেষ্টৰ দ্বিতীয় দিনা পাকিস্তানী স্পীডষ্টাৰ শ্বাহিন আফ্ৰিদীৰ য়ৰ্কাৰত আঘাতপ্ৰাপ্ত হৈছিল ৱেগনাৰ ৷ ফলত সোঁ ভৰিৰ দুটা আঙুলিত আঘাতপ্ৰাপ্ত হৈছিল ৱেগনাৰ ৷

এই আঘাতৰ পৰা মুক্ত হ'বৰ বাবে ৱেগনাৰক ছয় সপ্তাহৰ সময় লাগিব বুলি জানিবলৈ দিয়ে নিউজিলেণ্ড ক্ৰিকেটৰ এক বিবৃতিত ৷

প্ৰশিক্ষণ গেৰী ষ্টেডে কয় যে, হেনৰীৰ টেষ্ট অভিজ্ঞতা আৰু ঘৰুৱা খেলপথাৰৰ জ্ঞান আছে ৷ ষ্টেডে কয়, "ডিচেম্বৰত অনুষ্ঠিত মেচত পাকিস্তান শ্বাহিনছৰ (A) বিৰুদ্ধে নিউজিলেণ্ড A দলৰ হৈ 53 ৰাণ দি 6 উইকেট দখল কৰিছিল মেটে ৷"

ষ্টেডে লগতে কয়, "টেষ্টৰ বাবে এতিয়াও সময় আছে, সেয়েহে শ্ৰেষ্ঠ দলৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ প্ৰয়োজন আছে ৷" উল্লেখ্য যে, দুখনীয়া শৃংখলাৰ প্ৰথম টেষ্টত 101 ৰাণত জয়ী হৈ 1-0 ত অগ্ৰগতি লাভ কৰিছে নিউজিলেণ্ডে ৷

স্কোৱাড : কেন উইলিয়ামছন, টম ব্লাণ্ডেল, ট্ৰেন্ট বল্ট, মেট হেনৰী, কাইল জেমিছন, টম লাথাম, দেৰিল মিটচেল, হেনৰী নিকলছ, মিটচেল চান্টনাৰ, টিম ছাউদী, ৰছ টেইলৰ, বিজে ৱাটলিং, উইল য়ং ৷

লগতে পঢ়ক : 2021 চনত 10 দ্বিপাক্ষিক শৃংখলাত অংশগ্ৰহণ কৰিব পাকিস্তানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.