ETV Bharat / sports

অৱসৰৰ পাচৰ ভাৰতীয় দলৰ উত্তৰাধিকাৰী সম্পৰ্কত গাংগুলীৰ মন্তব্য

author img

By

Published : Jun 14, 2020, 7:59 AM IST

এক অনলাইন ভিডিঅ' ভাষণৰ জৰিয়তে গাংগুলীয়ে কয়, "মোৰ বৃহৎ সম্পত্তি হৈছে যে, আমি এটা ইউনিট এৰি থৈ আহিছো যিটো ইউনিটে যিকোনো স্থানতে জয় লাভ কৰিব পাৰে ৷"

প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী
অৱসৰৰ পাচত ভাৰতীয় দলৰ উত্তৰাধিকাৰী সম্পৰ্কত গাংগুলীৰ মন্তব্য

স্পৰ্টছ ডেস্ক, 14 জুন : প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে শনিবাৰে কয় যে, অধিনায়ক হিচাপে তেওঁ এনে এটা দল গঢ় দি থৈ গৈছিল যি দলে বিশ্বৰ যিকোনো স্থানতে জয় লাভ কৰিবলৈ সক্ষম হ'ব বুলি বিশ্বাসী আছিল ৷

2011 বিশ্বকাপজয়ী ভাৰতীয় দল

ভাৰতৰ বাহিৰে অন্য দেশত দলটোৱে জয় লাভ কৰিব নোৱাৰে বুলি সকলোৱে যি সমালোচনা কৰিছিল সেই সমালোচনা গাংগুলী নেতৃত্বাধীন ভাৰতীয় দলে দূৰ কৰিবলৈ সক্ষম হৈছিল ৷

"2007 চনত আমি ইংলেণ্ডত জয় লাভ কৰিছো ৷ সেই সময়ত ৰাহুল দ্ৰাভিদ অধিনায়ক আছিল ৷ সেই সময়ত দলে ইংলেণ্ডক পৰাস্ত কৰিব বুলি আত্মবিশ্বাসী আছিল ৷ 25 বছৰত অষ্ট্ৰেলিয়াৰ বাহিৰে কোনো দলে ইংলেণ্ডক ইংলেণ্ডতে পৰাস্ত কৰিব পৰা নাছিল ৷"

ট্ৰেন্ট ব্ৰিজত অনুষ্ঠিত দ্বিতীয় টেষ্টত ভাৰত জয়ী হোৱাৰ লগতে তিনিখনীয়া শৃংখলা 1-0 ত দখল কৰিবলৈ সক্ষম হৈছিল ৷ গাংগুলীয়ে লগতে কয় যে, এম. এছ. ধোনীৰ নেতৃত্বত ভাৰতীয় দলক দেখিবলৈ পাই তেওঁ অত্যন্ত সুখী হৈছিল ৷ সেই দলটোৱেই 2011 চনৰ বিশ্বকাপ দখল কৰিছিল ৷

বিচিচিআইৰ সভাপতি গাংগুলীয়ে কয়, "মোৰ বাবে 2011 চনত ভাৰতে বিশ্বকাপ জয় কৰাটো জীৱনৰ সৰ্ববৃহৎ মুহূৰ্ত আছিল ৷ এম. এছ. ধোনীৰ অন্তিম বলত সেই ছয়টো ভাৰতীয় ক্ৰিকেট ইতিহাসত সাঁচি ৰখা হ'ব ৷ "

"মোৰ মনত আছে মই তেতিয়া ৱাংখেড়ে ষ্টেডিয়ামত আছিলো আৰু ধোনী আৰু দলটো খেলপথাৰলৈ যোৱা চাবৰ বাবে মই ধাৰাভাষ্যকাৰৰ স্থানৰ পৰা নামি আহিছিলো ৷ 2003 চনত মোৰ অধিনায়কত্বত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হৈছিল সেয়েহে ধোনীয়ে এই ট্ৰফী জয় কৰা দেখিবলৈ পাই মই যথেষ্ট সুখী হৈছিলো ৷"

"বিশ্বকাপ জয়ী দলটোৰ 7/8 জন খেলুৱৈয়ে মোৰ অধীনত ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ৷ তেওঁলোক আছিল ছেহৱাগ, ধোনী, যুৱৰাজ, জাহিৰ, হৰভজন, আশীষ নেহৰা ৷ সেয়েহে অধিনায়ক হিচাপে এই উত্তৰাধিকাৰী কেইজনক মই দলত এৰি থৈ আহিছিলো ৷ সেই দলটোৱেই দেশৰ লগতে দেশৰ বাহিৰতো জয়ী হ'বলৈ সক্ষম হৈছিল ৷"

লগতে পঢ়ক : প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিডীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.