ETV Bharat / sports

"এয়া আমাৰ দিন নাছিল" : অনুৰ্দ্ধ-19 ৰ অধিনায়ক প্ৰিয়ম গাৰ্গ

বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত পৰাজয় স্বীকাৰ কৰাৰ পাচতে মেচ সম্পৰ্কে মন্তব্য আগবঢ়াইছে প্ৰিয়ম গাৰ্গে ৷ দিনটোৰ ভাৰতীয় দলৰ বাবে নাছিল বুলি মন্তব্য কৰে প্ৰিয়মে ৷

author img

By

Published : Feb 10, 2020, 7:07 PM IST

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
প্ৰিয়ম গাৰ্গ আৰু আকবৰ আলি

স্পৰ্টছ ডেস্ক, 10 ফেব্ৰুৱাৰী : অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে 3 উইকেটত পৰাস্ত হোৱাৰ পাচত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে মন্তব্য কৰে যে, "এয়া আমাৰ দিন নাছিল ৷"

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ চেনৱেছ পাৰ্কত অনুষ্ঠিত মেচত ভাৰতীয় দলে 177 ৰাণ সংগ্ৰহ কৰি অল আউট হয় ৷ কিন্তু ডাকৱৰ্থ লিৱিছ পদ্ধতিৰ জৰিয়তে 42.1 অ'ভাৰত 7 উইকেট হেৰুৱাই 170 ৰাণ সংগ্ৰহ কৰি বাংলাদেশে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ আকবৰ আলিৰ অপৰাজিত 43 ৰাণৰ জৰিয়তে বাংলাদেশে অনুৰ্দ্ধ-19 বিশ্বকাপ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
বাংলাদেশৰ বিশ্বকাপ দখল

আনহাতে, ডিফেণ্ডিং চেম্পিয়ন ভাৰতে টুৰ্ণামেন্টৰ 12 খন মেচত প্ৰথমবাৰৰ বাবে পৰাজয় স্বীকাৰ কৰিবলগা হয় ৷ উল্লেখ্য যে, ভাৰতে ইয়াৰ পূৰ্বে চাৰিবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

পৰাজয়ৰ পাচত গাৰ্গে কয়, "এয়া আমাৰ দিন নাছিল ৷ দলৰ সকলো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে যদিও ফলাফল আমাৰ ফালে নাহিল ৷ কিন্তু আমি যিদৰে যুঁজ দিলো তাক লৈ মই সুখী, বলাৰসকলেও তেওঁলোকৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ালে ৷"

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
বাংলাদেশ দল

তেওঁ লগতে কয়, "বাংলাদেশৰ বলাৰে ভাল আৰম্ভণি কৰিলে ৷ আমাৰ বেটছমেনে ভাল প্ৰদৰ্শন কৰিছিল যদিও আৰু অলপ ৰাণ সংগ্ৰহ কৰিব লাগিছিল ৷ 215-220 স্ক'ৰ কৰা হ'লে ভাল হ'লহেঁতেন ৷ 178 ৰাণ ভাল স্ক'ৰ নাছিল ৷"

গাৰ্গে কয়, "আমাৰ বলাৰসকলে ভাল বলিং প্ৰদৰ্শন কৰে আৰু বাংলাদেশেও ভাল বেটিং প্ৰদৰ্শন কৰে ৷ আমাৰ বলাৰসকলক লৈ মই সুখী ৷ দক্ষিণ আফ্ৰিকাত খেলি ভাল অভিজ্ঞতা লাভ কৰিলো ৷ বিশ্বকাপৰ পূৰ্বে অংশ লোৱা ছিৰিজটোও আমাৰ বাবে ভাল আছিল ৷"

আৰু পঢ়ক : ভাৰত-বাংলাদেশৰ খেলুৱৈৰ মাজৰ সংঘৰ্ষৰ তদন্ত কৰিব আইচিচিয়ে

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.