স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ : প্ৰাক্তন ভাৰতীয় বলাৰ ইৰফান পাঠানে জছপ্ৰীত বুমৰাহক আদৰণি জনালে এলিট হেট্ৰিক ক্লাৱলৈ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ দ্বিতীয় দিনা বুমৰাহে হেট্ৰিক অৰ্জনৰ পাছতে এনেদৰে হেট্ৰিক ক্লাৱলৈ আদৰণি জনাই পাঠানে ৷ টুইটাৰৰ জৰিয়তে এলিট ক্লাৱলৈ আদৰণি জনোৱা হয় বুমৰাহক ৷
-
Welcome to the #Hattrick club @Jaspritbumrah93
— Irfan Pathan (@IrfanPathan) September 1, 2019 " class="align-text-top noRightClick twitterSection" data="
">Welcome to the #Hattrick club @Jaspritbumrah93
— Irfan Pathan (@IrfanPathan) September 1, 2019Welcome to the #Hattrick club @Jaspritbumrah93
— Irfan Pathan (@IrfanPathan) September 1, 2019
উল্লেখ্য যে, বুমৰাহ হৈছে টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা তৃতীয় গৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ তেওঁৰ পূৰ্বে হৰভজন সিং আৰু পাঠানে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰিছিল ৷ হৰভজনে 2001 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু পাঠানে 2006 চনত পাকিস্তানৰ বিৰুদ্ধে এই সাফল্য অৰ্জন কৰিছিল ৷
পাঠানৰ উপৰি প্ৰাক্তন ভাৰতীয় বেটছমেন বিৰেন্দৰ ছেহৱাগেও শুভেচ্ছা জ্ঞাপন কৰে বুমৰাহ আৰু টেষ্ট মেচত প্ৰথমটো শতক অৰ্জন কৰা হনুমা বিহাৰীক ৷
উল্লেখ্য যে, বুমৰাহে নৱম অ'ভাৰত ডাৰেন ব্ৰেভ', ছামাৰ ব্ৰুকছ আৰু ৰ'ষ্টন ছেজৰ উইকেট দখল কৰে ৷ আনহাতে, বিহাৰীয়ে সংগ্ৰহ কৰা 111 ৰানৰ সুন্দৰ ইনিংছৰ জৰিয়তে ভাৰতে প্ৰথম ইনিংছত 416 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷