ETV Bharat / sports

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ইৰফান পাঠানৰ - হেটট্ৰিক অৰ্জনকাৰী ইৰফান পাঠান

অৱশেষত শনিবাৰে আনুষ্ঠানিক ভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা ইৰফান পাঠানৰ ৷ অন্তিমবাৰৰ বাবে 2012 চনত শ্ৰীলংকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছিল পাঠান ৷

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ইৰফান পাঠানৰ

author img

By

Published : Jan 5, 2020, 10:10 AM IST

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰীঃ ক্ৰিকেটৰ যেন এটা দশকৰ অন্ত পৰিল৷ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় দলৰ এসময়ৰ অলৰাউণ্ডাৰ ইৰফান পাঠানে ৷ নিজৰ বলিঙৰ শ্বুইঙৰে বিৰোধী পক্ষত ত্ৰাসৰ সৃষ্টি কৰা পাঠানে বিদায় দিলে ক্ৰিকেট কেৰিয়াৰক ৷

বিদায় পৰত তেওঁ উল্লেখ কৰে, ‘‘মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছো ৷ মোৰ সৌভাগ্য যে, মই মহান খেলুৱৈ গাংগুলী, দ্ৰাৱিড়, লক্ষ্মণৰ সৈতে ড্ৰচিং ৰূমত সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছিলো ৷ মই মোৰ পৰিয়াল বৰ্গক ধন্যবাদ জ্ঞাপন কৰো যিয়ে মোক সদায় সহায় কৰি আহিছিল ৷ মোৰ অনুৰাগীয়ে সদায়ে মোৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ বুলি কয় ৷’’

উল্লেখ্য যে, 2007 টি-20 বিশ্বকাপৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইৰফান পাঠানে ৷ পাকিস্তানৰ বিৰুদ্ধে ফাইনেল মেচত 16 ৰান দি 3 টা উইকেট দখল কৰি প্লেয়াৰ অফ দ্য মেচৰ খিতাপ জয় কৰিছিল খেলুৱৈগৰাকীয়ে ৷ আনহাতে টেষ্ট ক্ৰিকেটৰ প্ৰথম অভাৰতেই হেটট্ৰিক লোৱা তিনি খেলুৱৈৰ ভিতৰত নাম থকা অন্যতম খেলুৱৈ হৈছে ইৰফান পাঠান ৷ 2006 চনত ছালমান বাট, য়ুনিছ খান আৰু মহম্মদ ইউছুফক আউট কৰি এই কৃতিত্ব গঢ়িছিল পাঠানে ৷

ক্ৰিকেটৰ পৰা অৱসৰ ইৰফান পাঠানৰ

পাঠানে নিজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত 29 খন টেষ্ট, 120 খন এদিনীয়া আৰু 24 খন টি-20 মেচত অৱতীৰ্ণ হৈছিল ৷ য’ত তেওঁৰ নামত আছে মুঠ 301 টা ( টেষ্টত 100, এদিনীয়াত 173, টি-20ত 28) উইকেট আৰু 2821 ৰান ৷ টেষ্ট ক্ৰিকটেত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2003 চনত অভিষেক ঘটিছিল পাঠানৰ ৷ অন্তিমবাৰৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে 2012 চনত আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছিল খেলুৱৈগৰাকী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.