ETV Bharat / sports

আই পি এল 2019 : প্ৰথম মেচৰ ৰণভূমিত বিৰাট-ধোনী - বিৰাট-ধোনী

সমুখ-সমৰত চেন্নাই চুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এল ২০১৯ : প্ৰথম মেচৰ ৰণভূমিত নামিব বিৰাট-ধোনী
author img

By

Published : Mar 23, 2019, 4:55 AM IST

স্পৰ্টছ ডেস্ক, ২২ মাৰ্চ : শনিবাৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰত্যাশিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ দ্বাদশ সংস্কৰণ । চেন্নাইৰ এম এ চিদাম্বৰাম ষ্টেডিয়ামত সন্ধ্যা ৮ বজাত অনুষ্ঠিত হ'ব চেন্নাই চুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মহাৰণ । বৰ্তমানৰ চেম্পিয়ন ধোনী নেতৃত্বাধীন চেন্নাই দলটোৱে জয়ৰে আই পি এল ২০১৯ৰ আৰম্ভণি কৰাৰ উদ্দেশ্যৰে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কোহলি বাহিনীৰ লক্ষ্য হ'ব এই বৰ্ষত উন্নত খেলৰ প্ৰদৰ্শন কৰি খিতাপ জয় কৰাৰ । উল্লেখ্য এইবাৰৰ আই পি এলত নাথাকিব উদ্বোধনী অনুষ্ঠান । পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা চি আৰ পি এফ জোৱানৰ পৰিয়ালক দিয়া হ'ব উদ্বোধনীৰ ধন ৰাশি ।

ধোনী নেতৃত্বাধীন চেন্নাই দলটোত আছে ডুৱেন ব্ৰেভ', ফেফ ডু প্লেছিচ, আম্বাতী ৰাইডু, কেদাৰ যাদৱ, ৰাইনা কে ধৰি বহু নামি-দামি খেলুৱৈ । চেন্নাই দলটোৰ বলিঙৰ স্পিনিং বিভাগৰ দায়িত্বত আছে ইমৰাণ তাহিৰ, ৰবিন্দ্ৰ জাডেজা আৰু হৰভজন সিং । ইপিনে কোহলিৰ দলটোৰ মুখ্য খেলুৱৈ হৈছে এবি ডিভিলিয়াছ, শিমৰেণ হেটমেয়াৰ, উমেশ যাদৱ, মইন আলী, যুজৱেন্দ্ৰ চাহালকে ধৰি বহু খেলুৱৈ । গতিকে শনিবাৰৰ মেচখন এখন হাই ভল্টেজ মেচ ৰূপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

উল্লেখ্য যে, চেন্নাই চুপাৰ কিংছে তিনিবাৰৰ বাবে আই পি এলৰ চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে আই পি এলৰ ইতিহাসত খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই বেংগালুৰু দলটোৱে । এতিয়া সময়হে ক'ব কোন হ'ব আই পি এলৰ নতুন চেম্পিয়ন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.