ETV Bharat / sports

আইপিএল 2020 : 21 আগষ্টত আৰৱলৈ উৰা মাৰিব চেন্নাই দলে - মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথন

আইপিএল,2020ত অংশগ্ৰহণৰ বাবে 21 আগষ্টৰ দিনা আৰৱ গণৰাজ্যলৈ উৰা মাৰিব চেন্নাই ছুপাৰ কিংছ দলে ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰে দলটোৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে ৷

আইপিএল
চেন্নাই ছুপাৰ কিংছ
author img

By

Published : Aug 12, 2020, 9:44 AM IST

স্পৰ্টছ ডেস্ক,12 আগষ্ট : আইপিএল, 2020 ত অংশগ্ৰহণৰ বাবে 21 আগষ্টৰ দিনা আৰৱ গণৰাজ্যলৈ উৰা মাৰিব চেন্নাই ছুপাৰ কিংছ দলে ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰে দলটোৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে ৷

আইপিএল
মহেন্দ্ৰ সিং ধোনী

আৰৱলৈ উৰা মৰাৰ পূৰ্বে দলটোৱে এম. চিদাম্বৰম ষ্টেডিয়ামত এক অনুশীলন শিবিৰত অংশগ্ৰহণ কৰিব ৷ তিনিবাৰৰ আইপিএল চেম্পিয়ন চেন্নাই দলৰ মুখ্য শিবিৰ ডুবাইত স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে বিশ্বনাথনে ৷

তেওঁ কয়, "16 আগষ্টৰ পৰা দলটোৱে চেপাউকত অনুশীলন আৰম্ভ কৰিব ৷ ধোনী আৰু ৰাইনাৰ সৈতে অন্য খেলুৱৈসকলে 14-15 আগষ্টৰ ভিতৰত উপস্থিত হ'ব, ইয়াৰ পাচতে আমি 21 আগষ্টত আৰৱলৈ উৰা মাৰিম ৷"

দলটোৱে 8-10 জন নেট বলাৰ লগত ৰখাৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে বিশ্বনাথনে ৷ উল্লেখ্য যে, 13 সংখ্যক আইপিএল 19 ছেপ্টেম্বৰৰ পৰা 10 নৱেম্বৰলৈ 53 দিনৰ বাবে আয়োজন কৰা হ'ব ৷ আবু ধাবি, শ্বাৰজাহ আৰু ডুবাইত আয়োজন কৰা হ'ব আটাইকেইখন মেচ ৷ টি-20 টুৰ্ণামেন্টৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেল মেচ মঙলবাৰৰ দিনটোত অনুষ্ঠিত কৰা হ'ব ৷

সোমবাৰে আইপিএলৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে নিশ্চিতি প্ৰদান কৰিছিল যে, আৰৱত আইপিএল অনুষ্ঠিত কৰিবৰ বাবে বিচিচিআইয়ে চৰকাৰৰ পৰা সন্মতি লাভ কৰে ৷

ইয়াৰ পূৰ্বে এমিৰেটছ ক্ৰিকেট বৰ্ডেও নিশ্চিতি প্ৰদান কৰিছিল যে, আইপিএল, 2020 আয়োজনৰ বাবে তেওঁলোকে বিচিচিআইৰ পৰা সন্মতি লাভ কৰিছে ৷ উল্লেখ্য যে, পূৰ্বে 29 মাৰ্চৰ পৰা ভাৰতত আইপিএল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছৰ বাবে স্থগিত ৰখা হৈছিল ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছ : ইউএছ অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ স্বিতলিনা, বাৰ্টেনছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.