স্পৰ্টছ ডেস্ক,30 মাৰ্চঃ আকৌ এবাৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৷

অষ্ট্ৰেলিয়া দলৰ এজন অন্যতম সফল খেলুৱৈ ষ্টিভ স্মিথে ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বল টেম্পাৰিং কৰি এবছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেল আৰু দুবছৰৰ বাবে অষ্ট্ৰেলিয়াৰ নেতৃত্বৰ দায়িত্ব হেৰুৱাইছিল ৷

যদি অধিনায়ক হোৱাৰ সুযোগ পুনৰ আহে তেন্তে মই এই সুযোগ গ্ৰহণ কৰিবলৈ আগ্ৰহী হম, অন্যথা দলৰ দায়িত্বত থকা টেষ্ট দলৰ অধিনায়ক টিম পেইন আৰু এদিনীয়া দলৰ অধিনায়ক এৰন ফিন্সক সমৰ্থন কৰি যাম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ষ্টিভে ৷

লগতে পঢ়কঃ ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল সাংসদ প্ৰদান বৰুৱা