ETV Bharat / sports

আজি ৱাংখাড়েত ভাৰত বনাম অষ্ট্ৰেলিয়া

author img

By

Published : Jan 14, 2020, 3:02 AM IST

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মঙলবাৰে অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাত মুখামুখি হ’ব দুয়োটা দল ৷

আজি ৱাংখাড়েত ভাৰত বনাম অষ্ট্ৰেলিয়া
আজি ৱাংখাড়েত ভাৰত বনাম অষ্ট্ৰেলিয়া

স্পৰ্টছ ডেস্ক, 14 জানুৱাৰীঃ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন এদিনীয়া ৷ দিনৰ 1.30 বজাত অনুষ্ঠিত হ’ব খেলখন ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব কেংগাৰু দলটো ৷

কেংগাৰু বাহিনী
কেংগাৰু বাহিনী

ভাৰতৰ বাবে এই শৃংখলাটো হ’ব স্বভিমানৰ ৷ কিয়নো পূৰ্বতে ঘৰুৱা ভূমিত পাঁচ মেচৰ এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াৰ হাতত 3-2 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ গতিকে এই শৃংখলাত ভাৰতৰ লক্ষ্য হ’ব পূৰ্বৰ মেচৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ ৷

বিৰাট বাহিনী
বিৰাট বাহিনী

অৱশ্যে এইবাৰ ভাৰতৰ বাবে আছে আন এটা মূৰৰ কামোৰণি ৷ পূৰ্বৰ দলটোৰ তুলনাত এইবাৰৰ অষ্ট্ৰেলিয়া দলটো হৈছে যথেষ্ট শক্তিশালী ৷ দলটোত প্ৰত্যাৱৰ্তন হৈছে বিস্ফোৰক বেটছমেন ডেভিদ ৱাৰ্ণাৰৰ লগতে ষ্টিভ স্মিথৰ ৷ লগতে টেষ্ট ক্ৰিকেটৰ ৰান মেচিন নামে পৰিচিত হোৱা মাৰ্নোছ লাবুচেনৰো অভিষেক ঘটিব পাৰে মেচখনত ৷

মাৰ্নোছ লাবুচেন
মাৰ্নোছ লাবুচেন

গতিকে ভাৰতীয় দলটোৰ বাবে এই শৃংখলা অথবা মেচ হ’ব অধিক প্ৰত্যাহ্বানমূলক ৷ ভাৰতৰ বাবে সুঃখবৰ এইযে দলত প্ৰত্যাৱৰ্তন ঘটিছে জছপ্ৰীত বোমৰাহৰ ৷

জছপ্ৰীত বোমৰাহৰ প্ৰত্যাৱৰ্তন
জছপ্ৰীত বোমৰাহৰ প্ৰত্যাৱৰ্তন

ভাৰতীয় দলটোত আছে- বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা, শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, কেদাৰ যাদৱ, ঋষভ পন্ত, শিৱম ডুবে, ৰবিন্দ্ৰ জাডেজা, যুজৱেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, নৱদ্বীপ চাইনী, শাৰ্দুল ঠাকুৰ ৷

ডেভিদ ৱাৰ্ণাৰ-ষ্টিভ স্মিথ
ডেভিদ ৱাৰ্ণাৰ-ষ্টিভ স্মিথ

অষ্ট্ৰেলিয়া দলটোত আছে- এৰণ ফিন্সে (অঃ), এলেক্স কেৰী, পীটৰ হেণ্ডছকম্ব, ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্ণাৰ, মাৰ্নোছ লাবুচেন, ডী আৰ্ছী শ্বট, কেন ৰিচাৰ্ডচন, পেট কামিন্স, এষ্টন অগৰ, এডম জাম্পা, এষ্টন টাৰ্ণাৰ, মিটচেল ষ্ট্ৰাক, জছ হেজলউড ৷

Intro:Body:

India vs australia 1st odi

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.