নিউজ ডেস্ক, ১ মেঃ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব'ৰ্ডে সন্মতি জনোৱাৰ পাছতে ভাৰতীয় দলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কাৰ্যসূচীৰ সালসলনি ঘটোৱা হৈছে।এই ছিৰিজৰ নতুন কাৰ্যসূচী তথা স্থান ১৩ মে'ৰ আলোচনা চক্ৰত নিৰ্ধাৰণ কৰিব ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব'ৰ্ডে। বিশ্বকাপৰ ব্যস্ত কাৰ্যসূচীৰ পাছত ভাৰতীয় দলক কিছু দিনৰ বিশ্ৰাম দিবৰ বাবে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে অনুৰোধ জনোৱাত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব'ৰ্ডে সন্মতি জনায় ।
উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে নিৰ্ধাৰণ কৰা পূৰ্বৰ কাৰ্যসূচী অনুসৰি ১৪ জুলাইত বিশ্বকাপ অন্ত পৰাৰ লগে লগে ভাৰতে ৱেষ্ট ইণ্ডিজ দলৰ বিৰুদ্ধে ২ খন টেষ্ট, ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ ত অংশগ্ৰহণ কৰাৰ কথা আছিল ।