ETV Bharat / sports

দ্বিতীয় টেষ্টত বৃহৎ জয় ভাৰতৰ - মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়াম

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুণে টেষ্টত এটা ইনিংছ সহ 137 ৰানত জয় লাভ ভাৰতৰ ৷ ভাৰতৰ এইটো গৃহভূমিত একেৰাহে 11 খন টেষ্ট শৃংখলাত জয় লাভ ৷

দ্বিতীয় টেষ্টত বৃহৎ জয় ভাৰতৰ
author img

By

Published : Oct 13, 2019, 4:50 PM IST

Updated : Oct 13, 2019, 5:31 PM IST

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰ : পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত এক ইনিংছ সহ 137 ৰানত বৃহৎ জয় লাভ ভাৰতৰ ৷ দ্বিতীয়খন টেষ্টত জয় লাভেৰে শৃংখলা দখল ভাৰতৰ ৷ এইখন হৈছে ভাৰতে গৃহভূমিত একেৰাহে জয়লাভ কৰা 11 নম্বৰ টেষ্ট শৃংখলা ৷ আনহাতে বিৰাট কোহলিৰ নেতৃত্বত 30 খন মেচত জয় লাভ কৰিছে ভাৰতে ৷ বিৰাটৰ এইখন আছিল অধিনায়ক হিচাপে 50সংখ্যক টেষ্ট মেচ ৷

এটা ইনিংছ সহ 137 ৰানত জয় লাভ ভাৰতৰ
এটা ইনিংছ সহ 137 ৰানত জয় লাভ ভাৰতৰ

মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি 5 উইকেটৰ বিনিময়ত বিশাল 601 ৰানৰ ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ হৈ বিৰাট কোহলিয়ে অপৰাজিত 254, ময়ংক আগৰৱালে 108, ৰোহিত শৰ্মা 14, চেতেশ্বৰ পূজাৰা 58, অজ্যিংকা ৰাহানে 59 আৰু ৰবিন্দ্ৰ জাডেজাই 91 ৰান কৰিছিল ৷ দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ ৰাবাডাই 3 টা, কেছভ মহাৰাজে 1 টা আৰু ছেনুৰান মুথুশ্বামিয়ে 1 টা উইকেট দখল কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত 275 ৰান আৰু দ্বিতীয় ইনিংছত 189 ৰান কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথম ইনিংছত কেছভ মহাৰাজে সৰ্বাধিক 72 ৰান কৰে ৷ ভাৰতৰ হৈ ৰবিচন্দ্ৰন আশ্বিনে 4 টা উইকেট দখল কৰে ৷ ইপিনে দ্বিতীয় ইনিংছত ডেন এলগাৰে সৰ্বাধিক 48 ৰান কৰে ৷ ভাৰতৰ হৈ উমেশ যাদৱ আৰু ৰবিন্দ্ৰ জাডেজাই 3 টা কৈ উইকেট দখল কৰে ৷ এটা ইনিংছ সহ 137 ৰানত জয় লাভ কৰে ভাৰতে ৷ বিৰাট কোহলিক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

মেন অফ দ্য মেচ বিৰাট কোহলি
মেন অফ দ্য মেচ বিৰাট কোহলি

দ্বিতীয়খন টেষ্টৰ সকলো দিশ সংক্ষিপ্ততঃ

  • ভাৰতৰ প্ৰথম ইনিংছ বেটিং: বিৰাট কোহলি- অপৰাজিত 254 ৰান, ময়ংক আগৰৱাল- 108 ৰান, চেতেশ্বৰ পূজাৰা- 58 ৰান, অজ্যিংকা ৰাহানে- 59ৰান, ৰবিন্দ্ৰ জাডেজা- 91 ৰান ৷
  • দক্ষিণ আফ্ৰিকা বলিং- কাগিছ ৰাবাডা: 30 অভাৰ-93 ৰান-3 উইকেট, কেছভ মহাৰাজ: 50 অভাৰ-196 ৰান-1 উইকেট, ছেনুৰান মুথুশ্বামি: 19.3 অভাৰ-97 ৰান-1 উইকেট
  • দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছ: কেছভ মহাৰাজ- 72 ৰান, ফেৱ ডু প্লেছিছ- 64 ৰান, ভেৰণ ফিলেণ্ডাৰ- অপৰাজিত 44 ৰান ৷
  • ভাৰতৰ বলিং- ৰবিচন্দ্ৰ আশ্বিন: 28.4 অভাৰ-69 ৰান- 4 উইকেট, উমেশ যাদৱ: 13 অভাৰ-37 ৰান- 3 উইকেট, মহম্মদ ছামী: 17 অভাৰ- 44 ৰান- 2 উইকেট, ৰবিন্দ্ৰ জাডেজা: 36 অভাৰ-81 ৰান- 1 উইকেট ৷
  • দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছ: ডেন এলগাৰ- 48 ৰান, টেম্বা বাবুমা- 38 ৰান, ভেৰণ ফিলেণ্ডাৰ- 37 ৰান
  • ভাৰতৰ বলিং- উমেশ যাদৱ: 8 অভাৰ- 22 ৰান- 3 উইকেট, ৰবিন্দ্ৰ জাডেজা: 21.2 অভাৰ- 52 ৰান- 3 উইকেট, ৰবিচন্দ্ৰন আশ্বিন: 21 অভাৰ- 45 ৰান- 2 উইকেট, মহম্মদ ছামী: 9 অভাৰ- 34 ৰান- 1 উইকেট, ইশান্ত শৰ্মা: 5 অভাৰ- 17 ৰান- 1 উইকেট ৷

Last Updated : Oct 13, 2019, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.