স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ শুকুৰবাৰে নিউজিলেণ্ডৰ ইডেন পাৰ্কত প্ৰথমখন টি-20 মেচত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড ৷ ভাৰতীয় সময় অনুসৰি দিনৰ 12.20 ত অনুষ্ঠিত হ’ব এই ৰোমাঞ্চকৰ খেলখন ৷ পাঁচখন মেচৰ টি-20 শৃংখলাৰ লগতে তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷
বৃহস্পতিবাৰে নিউজিলেণ্ডত সংবাদমেল সম্বোধন কৰি কোহলিয়ে কয়, ভাৰতীয় দলটোৱে বিশ্বকাপৰ পৰাজয়ৰ প্ৰতিশোধৰ মনোবৃত্তিৰে নিউজিলেণ্ড ভ্ৰমণলৈ অহা নাই ৷ কেৱল খেলপথাৰত প্ৰতিদ্বন্দিতাৰে নামিব ভাৰতীয় দলটো ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত 18 ৰানত নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰিছিল ভাৰতে ৷ ফলত তৃতীয়বাৰৰ বাবে বিশ্বচেম্পিয়ন হোৱাৰ সপোন তচনছ হৈছিল ভাৰতীয় দলটোৰ ৷
এই সন্দৰ্ভতো কোহলিয়ে কয়, নিউজিলেণ্ড দলটোৱে বিশ্বকাপৰ ফাইনেললৈ অৱতীৰ্ণ হোৱাৰ বাবে আনন্দিত হৈছিলো ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দল হিচাপে খেলপথাৰত নিউজিলেণ্ডৰ এক সুকীয়া পৰিচয় আছে ৷
আনহাতে অতি কম সময়ৰ ভিতৰতেই এখন দেশৰ পৰা আন এখন দেশলৈ গৈ মেচ খেলা সন্দৰ্ভতো কোহলিয়ে কয়, পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ কিছু কঠিন হয় যদিও টি-20 বিশ্বকাপৰ দৃষ্টিভংগীৰে এই বৰ্ষ যথেষ্ট গুৰুত্বপূৰ্ণ ৷
ইপিনে এই শৃংখলাত কে.এল ৰাহুলৰ বেটিং অৰ্ডাৰ সন্দৰ্ভতো স্পষ্টকৈ উল্লেখ কৰে অধিনায়কগৰাকীয়ে ৷ টি-20 অপেনাৰ হিচাপে বেটিং কৰাৰ বিপৰীতে এদিনীয়া শৃংখলাত 5 নম্বৰ স্থানত বেটিঙত নামিব ৰাহুল ৷ ইপিনে অকলেণ্ডত দেওবাৰে দ্বিতীয়খন টি-20 মেচ অৱতীৰ্ণ হ’ব ভাৰত ৷
- লগতে চাওক- খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত হিপহপ বিহু