ETV Bharat / sports

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰে ৩২৯ ৰাণ

প্ৰথম দিনা প্ৰথম ইনিংছত ভাৰতে 6 টা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছিল ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মা 161 ৰাণ, আজিংক্য ৰাহানে 67 ৰাণ সংগ্ৰহ কৰিছিল ৷

IND vs ENG, 2nd Test: India all out for 329 in first innings
দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰে ৩২৯ ৰাণ
author img

By

Published : Feb 14, 2021, 7:17 PM IST

স্পৰ্টছ ডেস্ক, 14 ফেব্ৰুৱাৰী : ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনৰ প্ৰথম ইনিংছত ভাৰতে ৩২৯ ৰাণ সংগ্ৰহ কৰে ৷ দেওবাৰে ভাৰতৰ হৈ প্ৰথমে ঋষভ পন্ট আৰু অক্ষয় পটেলে প্ৰথমে বেটিং কৰে ৷

অক্ষয় পটেলে 5 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ ইয়াৰ পাছত ঈশান্ত শৰ্মা আৰু কুলদ্বীপ যাদৱে বেটিং কৰে যদিও কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় ৷

শেষত মহম্মদ ছিৰাজে বেটিং কৰিবলৈ আহি প্ৰথম বলত চাৰি মাৰে ৷ কিন্তু দ্বিতীয়টো বলত খেলুৱৈগৰাকীয়ে উইকেট হেৰুৱায় ৷ ভাৰতৰ হৈ ঋষভ পন্তে আজি 77 বলত অপৰাজিত 58 ৰাণ সংগ্ৰহ কৰে ।

দ্বিতীয় দিনা ভাৰতে 7.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মুঠ 29 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে শনিবাৰে প্ৰথম দিনা প্ৰথম ইনিংছত ভাৰতে 6 টা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছিল ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মা 161 ৰাণ, আজিঙ্কা ৰাহানে 67 ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড: ৰোহিতৰ শতকেৰে 189ত উপনীত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.