স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ: শেহতীয়াকৈ প্ৰকাশ পালে আই চি চিৰ আন্তঃৰাষ্ট্ৰীয় টি-20 ৰ নতুন ৰেংকিঙ ৷ ৰেংকিঙ প্ৰকাশ পোৱাৰ লগে-লগে ভাৰতীয় ক্ৰিকেট ক্ৰীড়াপ্ৰেমীলৈ দুখবৰ৷ শীৰ্ষ পাঁচটা স্থান লাভ কৰাত ব্যৰ্থ হৈছে ভাৰতীয় খেলুৱৈ ৷
বেটিঙত পাকিস্তানৰ বাবৰ আজমে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ভাৰতৰ ৰোহিত শৰ্মা 8ম আৰু কে.এল ৰাহুল 9ম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ নতুন ৰেংকিঙত ৰোহিত আৰু ৰাহুলৰ এক স্থানৰ অৱনতি ঘটিছে ৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে এৰণ ফিন্স আৰু ডেভিড মালান ৷
ইপিনে বলিঙৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰাছিদ খানে ৷ অৱশ্যে বলিঙৰ শীৰ্ষ দহটা স্থানত নাই ভাৰতীয় বলাৰ নাম ৷ ৰাছিদ খান প্ৰথম স্থান থকাৰ বিপৰীতে আফগানিস্তানৰ মুজীৱ উৰ ৰহমানৰ 6 টা স্থান উন্নতিৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ মিটচেল চেণ্টনাৰ ৷
লগতে চাওক- বেটিং ক্ৰমক লৈ চিন্তিত নহয় ধোনী ! কেতিয়া ক’ত ক’লে এই কথা..