ETV Bharat / sports

শচীনৰ স্থানত কিয় গাংগুলীক ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল - ভাৰতীয় দলৰ অধিনায়ক

ভাৰতীয় ক্ৰিকেটৰ এগৰাকী সফলতম অধিনায়ক হিচাপে পৰিচিত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী । কিন্তু, গাংগুলীৰ অধিনায়কৰ দায়িত্বভাৰ গ্ৰহণৰ আঁৰত আছে শচীনৰ এক বলিদান । এই কথা সদৰি কৰিছে সেই সময়ৰে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন নিৰ্বাচক বিষয়া চন্দু ব'ৰ্দে ।

how sourav ganguly was made team india captain after sachin tendulkars reluctance

author img

By

Published : Jun 22, 2020, 8:11 PM IST

স্পৰ্টছ ডেস্ক, 22 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ পুনৰ উত্থানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা এগৰাকী সফলতম অধিনায়ক হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী । কিন্তু গাংগুলীৰ এই সফলতাৰ আঁৰত আছে শচীন তেণ্ডুলকাৰৰ এক বৃহৎ ত্যাগ । শেহতীয়াকৈ এই সন্দৰ্ভত সেই সময়ৰ ভাৰতীয় দলৰ প্ৰাক্তন মুখ্য নিৰ্বাচক বিষয়া চন্দু ব'ৰ্দে ফাদিল কৰিছে এক ৰহস্য ।

চন্দু ব'ৰ্দে
চন্দু ব'ৰ্দে

উল্লেখ্য় যে, গাংগুলীৰ অধিনায়কৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বত আছিল ভাৰতীয় ক্ৰিকেট তথা বিশ্বৰ মহানতম ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । কিন্তু স্বয়ং শচীনে অধিনায়ক পদৰ পৰা অব্য়াহতি লোৱাৰ কথা কৈছিল বুলি কয় চন্দু ব'ৰ্দে । কাৰণ অধিনায়কৰ গুৰু দায়িত্বই শচীনৰ বেটিঙৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল বুলি শচীনে উল্লেখ কৰিছিল বুলি কয় ব'ৰ্দে ।

ব'ৰ্দেয়ে লগতে কয়, শচীনক সেই সময়ত অধিনায়ক হৈ থাকিবলৈ মনোৱাৰ বহু চেষ্টা কৰা হৈছিল যদিও তেওঁ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ লৈছিল । উল্লেখ্য় যে, শচীনে বেটছেমেন হিচাপে যিমান খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল, সেই হিচাপত অধিনায়ক হিচাপে তেওঁ সেই উচ্চ শীখৰ লাভ কৰাত ব্য়ৰ্থ হৈছিল ।

প্ৰাক্তন নিৰ্বাচকগৰাকীয়ে কয় যে, যদি আপোনালোকৰ মনত আছে শচীনক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবেও অধিনায়ক দায়িত্ব প্ৰদান কৰা হৈছিল । সেই ভ্ৰমণৰ পৰা উভতি আহিয়ে অধিনায়কৰ পৰা পদত্যাগ কৰাৰ কথা সিদ্ধান্ত লৈছিল শচীনে । শচীনে সেই সময়ত বেটিঙত অধিক মনোনিৱেশ কৰিব বিচৰা বুলি উল্লেখ কৰিছিল ব'ৰ্দে । শচীনক দীঘলীয়া সময়ৰ বাবে দলৰ অধিনায়ক হৈ থাকিবলৈ মনোৱাৰ চেষ্টা কৰা হৈছিল । কাৰণ আমি নতুন অধিনায়কৰ বিকল্প বিচাৰি আছিল বুলি উল্লেখ কৰে । আনকি শচীনক অধিনায়ক হৈ থাকিবলৈ জোৰ দিয়াক লৈ তেওঁ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছিল বুলি কয় নিৰ্বাচকগৰাকীয়ে ।

শচীনৰ স্থানত কিয় গাংগুলীক ভাৰতীয় দলৰ অধিনায়ক বনোৱা হৈছিল !

ব'ৰ্দে কয়, ইয়াৰ পাচতেই সৌৰভ গাংগুলীক ভাৰতীয় দলৰ নতুন অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয় । 2000 চনৰ আৰম্ভণিতে মেচ ফিক্সিং বিবাদক লৈ দলৰ স্থিতি শোচনীয় হৈ পৰিছিল । কিন্তু গাংগুলীয়ে দলটোক তাৰ পৰাই এক উচ্চ শিখৰত নি'বলৈ সক্ষম হৈছিল ।

শচীন তেণ্ডুলকাৰে ভাৰতৰ বাবে 73 খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অধিনায়কৰ দায়িত্ব বহন কৰিছিল । তেওঁৰ নেতৃত্বত ভাৰতে 23 খন মেচত বিজয় হোৱাৰ বিপৰীতে 43 খন মেচত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল । আনহাতে 25 খন টেষ্টৰ ভিতৰত 4 খনত জয় লাভ কৰাৰ বিপৰীতে 9 খনত পৰাজয়বৰণ কৰিছিল ভাৰতে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.