ETV Bharat / sports

ক্ৰিকেটৰ পৰা বিশ্ৰাম ল’লে মেক্সৱেলে ! কিন্তু কিয় ?

author img

By

Published : Oct 31, 2019, 9:49 PM IST

ক্ৰিকেটৰ পৰা বিৰতি ল’লে অষ্ট্ৰেলিয়ান বিস্ফোৰক খেলুৱৈ গ্লেন মেক্সৱেলে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-20 ত সুন্দৰ প্ৰদৰ্শন কৰাৰ পাচতো কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷

ক্ৰিকেটৰ পৰা বিশ্ৰাম ল’লে মেক্সৱেলে ! কিন্তু কিয় ?

স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ক্ষন্তেক সময়ৰ বাবে বিৰতি লৈছে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক খেলুৱৈ গ্লেন মেক্সৱেলে ৷ যাৰ বাবে ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া তৃতীয়খন টি-20 মেচৰ বাবে ৰাষ্ট্ৰীয় দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে খেলুৱৈগৰাকীয়ে ৷ খেলুৱৈগৰাকীৰ এই তাৎক্ষণিক সিদ্ধান্তই আচম্বিত কৰিছে সকলোকে ৷ দৰাচলতে মানসিক অসুস্থতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷ এই কথা সদৰী কৰে 'ক্ৰিকেট অষ্ট্ৰেলিয়া'ই ৷ বৰ্তমান মেক্সৱেলৰ স্থানত ডী আৰ্ছী শ্বৰ্টক অষ্ট্ৰেলিয়াৰ টি-20 দলত স্থান দিয়া হৈছে ৷

ডী আৰ্ছী শ্বৰ্ট
ডী আৰ্ছী শ্বৰ্ট

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মনোৰোগ বিশেষজ্ঞ ড0 মাইকেল লয়্ডে কয়, ‘‘মানসিক ভাৱে কিছু অসুবিধাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মেক্সৱেল ৷ সেয়ে ক্ষন্তেক সময়ৰ বাবে ক্ৰিকেটৰ পৰা বিশ্ৰাম বিচাৰিছে খেলুৱৈগৰাকীয়ে ৷ আমি মেক্সৱেলৰ সমস্যাক লৈ চিন্তিত আৰু আমি ইয়াৰ সমাধান বিচাৰি আছো ৷’’

গ্লেন মেক্সৱেল
গ্লেন মেক্সৱেল

ইয়াৰ লগতে দলৰ মুখ্য কাৰ্যবাহী বিষয়া বেন অলিবৰে কয়,

‘‘আমাৰ বাবে খেলুৱৈ তথা ষ্টাফৰ স্বাস্থ্য হৈছে গুৰুত্বপূৰ্ণ৷ গ্লেন মেক্সৱেলক দলৰ পৰা পূৰ্ণ সমৰ্থন প্ৰদান কৰা হ’ব৷ গ্লেন মেক্সৱেল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ ৷ আমি অতি সোনকালেই তেওঁৰ দলত প্ৰত্যাৱৰ্তনৰ আশা প্ৰকাশ কৰিছো ৷’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.