ETV Bharat / sports

গাংগুলীয়ে প্ৰায়ে টছৰ বাবে মোক অপেক্ষা কৰোৱাইছিল : নাছিৰ হুচেইন - সৌৰভ গাংগুলীকলৈ মন্তব্য নাছিৰ হুচেইনৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ এক আমোদজনক ৰহস্য ফাদিল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুচেইনৰ ৷

Ganguly used to make me wait for the toss every single time Nasser Hussain
author img

By

Published : Jul 5, 2020, 1:54 AM IST

স্পৰ্টছ ডেস্ক, 5 জুলাইঃ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুচেইনৰ গাংগুলীক লৈ এক ৰহস্য ফাদিল ৷ গাংগুলীয়ে প্ৰায়ে টছৰ সময়ত তেওঁক অপেক্ষা কৰোৱাইছিল বুলি কয় ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে ৷ অৱশ্য়ে দুয়োৰে মাজত খেলপথাৰৰ লগতে বাহিৰতো ঘনিষ্ঠ বন্ধুত্ব দেখা পোৱা যায় ৷

হুচেইনে এটা টেলিভিছন অনুষ্ঠানত কয়, মই এইটো সদায় কৈছো আৰু এইটো সামান্য় কথা, মই গাংগুলীৰ বিষয়ে সদায় এইটো কও তেওঁ ভাৰতীয় দলটোক শক্তিশালী কৰিছে ৷ সেইটো দল অতি বিনম্ৰ আছিল ৷ যদি আপুনি লগ কৰে তেন্তে অতি ভদ্ৰতাৰে ব্যৱহাৰ কৰিছিল বুলি কয় ৷

তেওঁ লগতে কয়, গাংগুলীৰ দলৰ বিৰুদ্ধে খেলা মানে এক যুদ্ধ কৰি থকাৰ দৰে আছিল ৷ গাংগুলীয়ে ভাৰতীয় অনুৰাগীৰ উৎসাহ-উদ্দীপনাক বুজি পাইছিল আৰু সেইটো ক্ৰিকেটৰ এটা মেচ মাত্ৰই নাছিল ৷ খেলতকৈ বহু বেছি আছিল ৷ গাংগুলী দৃঢ়, শক্তিশালী আছিল আৰু সেই অনুসৰিয়ে তেওঁ খেলুৱৈৰ নিৰ্বাচন কৰিছিল ৷ যদি মেচৰ অন্তত তেওঁক লগ কৰে তেন্তে তেওঁ ভালদৰে আচৰণ কৰিছিল ৷ সৌৰভ তেনেকৈয়ে আছিল ৷

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ইয়াৰ ওপৰি কয়, যেতিয়া গাংগুলীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিলো মই তেওঁক বেয়া পাইছিলো ৷ তেওঁ বহুবাৰ মোক টছত অপেক্ষা কৰোৱাইছিল ৷ মই তেওঁৰ লগত বহু সময় ধৰি কমেন্ট্রি কৰিছো আৰু তেওঁ এজন সুন্দৰ মনৰ অধিকাৰী ৷ শান্ত হৈ থাকে কিন্তু কমেন্ট্রিৰ বাবেও পলম কৰিছিল ৷

নাছিৰ হুচেইনে 1989 চনত অভিষেক কৰিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৷ ইংলেণ্ডৰ হৈ তেওঁ 96 খন টেষ্টত 5764 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে 88 খন এদিনীয়াত তেওঁৰ নামত আছে 2332 ৰান ৷

লগতে চাওক-হংকঙৰ সৈতে প্ৰত্যাৱৰ্তনৰ চুক্তি বাতিল কৰিলে কানাডাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.