স্পৰ্টছ ডেস্ক, 27 জুনঃ মানচেষ্টাৰত বিৰাটৰ নামত খোদিত হ’ল নতুন অভিলেখ ৷ ভংগ কৰিলে শচীন তেণ্ডুলকাৰ, ব্ৰাইন লাৰাৰ অভিলেখ ৷ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা মেচখনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 20 হাজাৰ ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলিয়ে ৷ 37 ৰান সম্পূৰ্ণ কৰি এই অভিলেখ গঢ়ে বিৰাট কোহলিয়ে ৷ কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ মুঠ 417 টা ইনিংছত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে শচীন তেণ্ডুলকাৰ আৰু ব্ৰাইন লাৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ 453 টা ইনিংছত সম্পূৰ্ণ কৰিছিল 20 হাজাৰ ৰান ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বকাপতেই এদিনীয়া ক্ৰিকেটত দ্ৰুততম 11 হাজাৰ ৰান সম্পূৰ্ণ কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছিল বিৰাটে ৷ মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত বিশ্বকাপৰ ষষ্ঠখন মেচত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মুখামুখি হৈছে ভাৰত ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ৷