স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰ: সমগ্ৰ বিশ্বতে ক্ৰিকেট পৰিচিত জেন্টেলমেন গেম হিচাপে ৷ কিন্তু এই খেলৰ মাজতো সংঘটিত হয় কিছুমান অবাঞ্চনীয় ঘটনা ৷ 2019 বৰ্ষটো সমাহাৰ ঘটিছিল এনে বিবাদৰ ৷ চাওক পাঁচটা বৃহত বিবাদ ৷
- 'কফি উইথ কৰণ'ত কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাদ: 2019 বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেটত জোকাৰণি সৃষ্টি কৰিছিল প্ৰতিভাৱান খেলুৱৈ কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাদে ৷ অৱশ্যে এই বিবাদৰ সূত্ৰপাত ঘটিছিল ক্ৰিকেট খেলপথাৰৰ বাহিৰত 'কফি উইথ কৰণ' নামৰ এটা টেলিভিচন শ্ব'ত ৷ মহিলাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই সৃষ্টি হৈছিল এই বিতৰ্কৰ ৷
- অগ্নিশৰ্মা হৈ খেলপথাৰত ভুমুকি ধোনীৰ: 2019 বৰ্ষৰ আই পি এলত এখন ছবিয়ে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত মেচত ধোনীক দেখা পোৱা গৈছিল অগ্নিশৰ্মা ৰূপত ৷ মেচৰ মাজতেই খেলপথাৰত সোমাই বাক্-বিতণ্ডাত লিপ্ত হৈছিল চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ দৰাচলতে মেচখনত 3 বলত 7 ৰানৰ প্ৰয়োজন আছিল চেন্নাইক ৷ সেই সময়তে আম্পায়াৰে ন বলৰ ইংগিত দিছিল যদিও পিচত সলনি কৰিছিল সিদ্ধান্ত ৷ যাক লৈ সৃষ্টি হৈছিল বিতৰ্ক ৷ পিচত এনে আচৰণৰ বাবে ধোনীক বিহা হৈছিল জৰিমনা ৷
- ইংলেণ্ডৰ বিশ্বকাপ জয়ক লৈ বিবাদ: বিশ্বকাপৰ ফাইনেল মেচত মাৰ্টিন গুপটিলৰ অ'ভাৰ থ্ৰ'ৱৰ ফলত 6 ৰান লাভ কৰাই সৃষ্টি কৰিছিল বিতৰ্কৰ ৷ লগতে মেচখনত ব্ৰাউণ্ডেৰীৰ জৰিয়তে বিজয়ী দল নিৰ্ণয় কৰা আইচিচিৰ নিয়মক লৈও হৈছিল যথেষ্ট সমালোচনা ৷ বহু সমালোচনাৰে মাজতে ইংলেণ্ডে লাভ কৰিছিল প্ৰথমটো বিশ্বকাপৰ খিতাপ ৷
- বিৰাট-অনুষ্কাৰ বিবাদ: 2019 বৰ্ষত বিবাদৰ মাজত নাম সাঙুৰ খাইছিল বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মাৰ নাম ৷ ভাৰতীয় দলৰ সৈতে এক নৈশ পাৰ্টীত অনুষ্কা শৰ্মা কোহলিৰ সৈতে সন্মুখত থিয় হোৱাক লৈ সৃষ্টি হৈছিল বিবাদৰ ৷ এই বিবাদক অধিক তীব্ৰতৰ কৰি তুলিছিল ফাৰুখ ইঞ্জেনিয়াৰৰ টুইটে ৷ য'ত তেওঁ উল্লেখ কৰিছিল এজন দল নিৰ্বাচকমণ্ডলীয়ে চাহ যোগান ধৰিছিল অনুষ্কা শৰ্মাক ৷
- আশ্বিনৰ মানকাড বিবাদ: 2019 বৰ্ষত ক্ৰিকেটত এটা বিবাদে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ সেই বিবাদটো আছিল ৰবিচন্দ্ৰন আশ্বিনে আই পি এলত জছ বাটলাৰক মানকাড নিয়ম অনুসৰি ৰান আউট কৰি পেভিলিয়নৰ বাট দেখুৱা কাৰ্য ৷ আশ্বিনৰ এনে আচৰণৰ ফলত ছ'চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷