স্পৰ্টছ ডেস্ক, ১৯ মে': বিশ্ব ক্ৰিকেটতেই বৰ্তমান সময়ত শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰৰ অন্যতম এগৰাকী হৈছে পাকিস্তান ক্ৰিকেট দলৰ সীমিত অভাৰৰ অধিনায়ক বাবৰ আজম । শেহতীয়াকৈ পাকিস্তানৰ দলৰ টি-২০ আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে । ইয়াৰ পাচতেই বাবৰে পাকিস্তানক বিশ্বকাপ জয়ৰ সোৱাদ দিয়া কিংবদন্তি খেলুৱৈ ইমৰান খানৰ দৰে অধিনায়কৰ ভূমিকা পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।
বিগত সপ্তাহত পাকিস্তান ক্ৰিকেট ব'ৰ্ডে পাকিস্তান ক্ৰিকেট দলৰ এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ বাবে বাবৰ আজমক অধিনায়কৰ দ্বায়িত্ব অৰ্পন কৰিছিল । শ্বাৰফৰাজ খানৰ সলনি বাবৰক পাকিস্তান ক্ৰিকেট দলৰ নতুন অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
এই সন্দৰ্ভত বাবৰে কয়, মই যি শিকিছো তাৰ পৰা মই আক্ৰমণ কৰিবলৈ যাম । সেইবাবে মই ইমৰান খানৰ অধিনায়কৰ শৈলী অনুকৰণ কৰাৰ চেষ্টা কৰিম । অধিনায়ক হিচাপে আপোনাক শান্ত হৈ থাকিবলৈও শিকিব লাগিব । অন্য দলৰ বিপক্ষে পৰিকল্পনা অনুসৰি খেলুৱৈ সকলক নিজৰ সৈতে আনিব লাগিব ।
ইয়াৰ লগতে কয়, এনে কিছুমান উদাহৰণ আছে যেতিয়া ভিতৰৰ পৰা খং উঠি আহে কিন্তু নিজকে শান্ত কৰি খেল পথাৰত নিজৰ আক্ৰমনাত্মক আচৰণ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । বিশ্বাসেই মূল চাবিকাঠি । যিমান খেলুৱৈক সমৰ্থন কৰা হয় সিমানেই খেলুৱৈয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব ।
নতুন প্ৰত্যাহ্বানক লৈ সাজু বুলি উল্লেখ কৰে পাকিস্তানৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে । যেতিয়া ৱাছিম খানে (PCB CEO) য়ে অধিনায়কৰ বাবে মোক মাতি পঠিয়াইছিল মই আনন্দিত হৈছিলো বুলি উল্লেখ কৰে বাবৰে । এইটো এটা ডাঙৰ দায়িত্ব । এই দায়িত্ব অতি সোনকালে লাভ কৰা বুলি অভিযোগ কৰিব পৰা নাযায় বুলি কয় পাকিস্তানৰ নৱ-নিযুক্ত অধিনায়কগৰাকীয়ে ।
উল্লেখ্য যে, ২০১৬ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটেত অভিষেক ঘটিছিল বাবৰ আজমৰ । বৰ্তমান টি-২০ ক্ৰিকেটৰ শীৰ্ষ বেটছমেনৰ লগতে এদিনীয়াৰ তৃতীয় ৰেংকিঙত অধিষ্ঠিত পাকিস্তানী ক্ৰিকেটাৰগৰাকী । আনহাতে ২০১৫ চনত জিম্বাবুয়ে আৰু ২০১৬ ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল বাবৰ আজমৰ ।
বাবৰৰ নামত বৰ্তমানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৪ খন এদিনীয়াত ৩,৩৫৯ ৰান, ৩৮ খন টি-২০ ত ১,৪৭১ আৰু ২৬ খন টেষ্ট মেচত ১,৮৫০ ৰান আছে ।