স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ : ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৰ্জন কৰা হেট্ৰিকৰ কৃতিত্ব প্ৰদান কৰে দলৰ অধিনায়ক বিৰাট কোহলীক ৷ কোহলীৰ ৰিভিউ সিদ্ধান্তৰ বাবেই তৃতীয় উইকেটটো দখল কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে বুমৰাহে ৷ নৱম অ'ভাৰত বুমৰাহে ডাৰেন ব্ৰেভ', ছামাহ ব্ৰুকছ আৰু ৰ'ষ্টন ছেজৰ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷
-
I owe my hat-trick to you – Bumrah tells @imVkohli @Jaspritbumrah93 became the third Indian to take a Test hat-trick. Hear it from the two men who made it possible 🗣️🗣️
— BCCI (@BCCI) September 1, 2019 " class="align-text-top noRightClick twitterSection" data="
Full video here ▶️📹https://t.co/kZG6YOOepS - by @28anand #WIvIND pic.twitter.com/2PqCj57k8n
">I owe my hat-trick to you – Bumrah tells @imVkohli @Jaspritbumrah93 became the third Indian to take a Test hat-trick. Hear it from the two men who made it possible 🗣️🗣️
— BCCI (@BCCI) September 1, 2019
Full video here ▶️📹https://t.co/kZG6YOOepS - by @28anand #WIvIND pic.twitter.com/2PqCj57k8nI owe my hat-trick to you – Bumrah tells @imVkohli @Jaspritbumrah93 became the third Indian to take a Test hat-trick. Hear it from the two men who made it possible 🗣️🗣️
— BCCI (@BCCI) September 1, 2019
Full video here ▶️📹https://t.co/kZG6YOOepS - by @28anand #WIvIND pic.twitter.com/2PqCj57k8n
ছেজক আম্পায়াৰে নট আউট ঘোষণা কৰাৰ পাছতে কোহলীয়ে ৰিভিউ প্ৰণালীৰ সহায় লয় ৷ ইয়াৰ জৰিয়তে বলে ষ্টাম্পক কোবাই যোৱা পৰিলক্ষিত হোৱাৰ পাছতে ছেজক আউট ঘোষণা কৰা হয় ৷
বিচিচিআই টিভিত প্ৰকাশ পোৱা এক ভিডিঅ'ত বুমৰাহে মন্তব্য কৰে, "বল গৈ বেটত লগা বুলি ভবাৰ বাবে মই আউটৰ আহ্বান নজনালো ৷ কিন্তু পাছত এয়া এক শুদ্ধ ৰিভিউ হিচাপে পৰিগণিত হ'ল সেয়েহে অধিনায়ক কোহলীৰ ওচৰত এই হেট্ৰিকৰ বাবে ঋণী হৈ ৰ'লো ৷"
উল্লেখ্য যে, এই হেট্ৰিকৰ জৰিয়তে টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা তৃতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল বুমৰাহ ৷