ETV Bharat / sports

ছামীৰ ভিছা সন্দৰ্ভত আমেৰিকান দূতাবাসলৈ বিচিচিআইৰ পত্ৰ প্ৰেৰণ - ৰাহুল জহৰী

ছামীৰ ভিছা সন্দৰ্ভত আমেৰিকান দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰিলে বিচিচিআইয়ে ৷ এই পত্ৰ প্ৰেৰণৰ পাছতে তেওঁৰ ভিছাৰ সমস্যা সমাধান হয় ৷

মহম্মদ ছামী
author img

By

Published : Jul 27, 2019, 5:02 PM IST

স্পৰ্টছ ডেস্ক, 27 জুলাই : ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ছিৰিজৰ পূৰ্বে ভাৰতীয় বলাৰ মহম্মদ ছামীৰ ভিছা সন্দৰ্ভত বিচিচিআইয়ে আমেৰিকান দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ক্ৰিকেটাৰ গৰাকীৰ ভিছা আবেদনত কিছু তথ্য অসম্পূৰ্ণ হৈ থকাৰ বাবে আমেৰিকা দূতাবাসে তেওঁৰ আবেদন নাকছ কৰিছিল ৷ বিচিচিআইৰ এক সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৷ কিন্তু যথা সময়ত বিচিচিআইয়ে বিষয়টোত হস্তক্ষেপ কৰাত সকলো সমস্যাৰ সমাধান হয় বুলিও জানিব পৰা গৈছে ৷

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, এই চিঠি খনত বিচিচিআইৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল জহৰীয়ে ছামীক ভাৰতৰ শীৰ্ষ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰাৰ লগতে ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদান সম্পৰ্কতো সৱিশেষ জনাই লিখি পঠায় ৷

ETV BHARAT ASSAM
মহম্মদ ছামী

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছামীয়ে অন্য এক বিবাদত সাঙুৰ খাই পৰিছিল ৷ প্ৰাক্তন পত্নী হাছিন জাহানে তেওঁৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰাৰ লগতে কলিকতা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

ETV BHARAT ASSAM
ছামীৰ ভিছা সন্দৰ্ভত আমেৰিকান দূতাবাসলৈ বিচিচিআইৰ পত্ৰ প্ৰেৰণ

কিন্তু এই সকলোবোৰ বাধা নেওচি ক্ৰিকেটাৰ গৰাকীয়ে সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেটত দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে 4 খনকৈ মেচত 14 টা উইকেট সংগ্ৰহ কৰাৰ লগতে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্ৰিকেটৰ তিনিওটা ফৰমেটত অংশ ল'বলৈ খেলুৱৈ গৰাকী সাজু হৈছে ৷

BCCI WRITES TO US AMBASSY OVER SHAMI'S VISA REJECTION

ছামীৰ ভিছা সন্দৰ্ভত আমেৰিকান দূতাবাসলৈ বিচিচিআইৰ পত্ৰ প্ৰেৰণ

স্পৰ্টছ ডেস্ক, 27 জুলাই : ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ছিৰিজৰ পূৰ্বে ভাৰতীয় বলাৰ মহম্মদ ছামীৰ ভিছা সন্দৰ্ভত বিচিচিআইয়ে আমেৰিকান দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ক্ৰিকেটাৰ গৰাকীৰ ভিছা আবেদনত কিছু তথ্য অসম্পূৰ্ণ হৈ থকাৰ বাবে আমেৰিকা দূতাবাসে তেওঁৰ আবেদন নাকছ কৰিছিল ৷ বিচিচিআইৰ এক সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৷ কিন্তু যথা সময়ত বিচিচিআইয়ে বিষয়টোত হস্তক্ষেপ কৰাৰ সকলোবোৰ সমস্যাৰ সমাধান হয় ৷

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, এই চিঠি খনত বিচিচিআইৰ মুখ্য কাৰ্যকাৰী অধিকাৰী ৰাহুল জহৰীয়ে ছামীক ভাৰতৰ শীৰ্ষ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰাৰ লগতে ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদান সম্পৰ্কতো সৱিশেষ জনাই লিখি পঠায় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছামীয়ে অন্য এক বিবাদত সাঙুৰ খাই পৰিছিল ৷ প্ৰাক্তন পত্নী হাছিন জাহানে তেওঁৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰাৰ লগতে কলিকতা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

কিন্তু এই সকলোবোৰ বাধা নেওচি ক্ৰিকেটাৰ গৰাকীয়ে বিশ্বকাপ ক্ৰিকেটত দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে 4 খনকৈ মেচত 14 টা উইকেট সংগ্ৰহ কৰাৰ লগতে হেট্ৰিক অৰ্জন কৰিবলৈও সক্ষম হৈছিল ৷ বৰ্তমান খেলুৱৈ গৰাকী সাজু হৈছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্ৰিকেটৰ তিনিওটা ফৰমেটত অংশ ল'ব ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.