ETV Bharat / sports

কৰ'ণাভাইৰাছ আতংক : বন্ধ হ'ল বিচিচিআইৰ কাৰ্যালয়

author img

By

Published : Mar 16, 2020, 10:46 PM IST

কৰ'ণাভাইৰাছ আতংকৰ ফলত বন্ধ ঘোষণা কৰা হ'ল বিচিচিআইৰ কাৰ্যালয় ৷ সোমবাৰে বিচিচিআইৰ এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰে ৷

কৰ'ণাভাইৰাছ আতংক
বন্ধ হ'ল বিচিচিআইৰ কাৰ্যালয়

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) মুম্বাইস্থিত মুখ্য কাৰ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৷ কৰ'ণাভাইৰাছ আতংকৰ ফলত অহা কিছুদিনলৈ কৰ্মচাৰীসকলক নিজ ঘৰৰ পৰাই কাৰ্য পৰিচালনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

বিচিচিআইয়ে প্ৰকাশ কৰে যে, কৰ্মচাৰীসকলক ঘৰৰ পৰাই দায়িত্ব অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে ক্ৰিকেটৰ সকলো মেচ স্থগিত ৰখা হৈছে ৷

কৰ'ণাভাইৰাছ আতংক
বন্ধ হ'ল বিচিচিআইৰ কাৰ্যালয়

বৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰে, "COVID-19 আতংকৰ বাবে ৱাংখেড়ে ষ্টেডিয়ামৰ মুখ্য কাৰ্যালয় বন্ধ কৰা হ'ব বুলি বিচিচিআইৰ কৰ্মচাৰীসকলক সোমবাৰে জনোৱা হয় ৷ সকলোকে ঘৰৰ পৰাই নিজৰ দায়িত্ব পালন কৰিবলৈ জনোৱা হৈছে ৷"

কৰ'ণাভাইৰাছ আতংক
বন্ধ হ'ল বিচিচিআইৰ কাৰ্যালয়

অহা কিছুদিনৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে ভবিষ্যতৰ কাৰ্যসূচী সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব বিচিচিআইয়ে ৷

উল্লেখ্য যে, বিচিচিআইয়ে আইপিএলৰ 13 তম সংস্কৰণ 15 এপ্ৰিললৈকে স্থগিত ৰখাৰ লগতে ঘৰুৱা টুৰ্ণামেন্টসমূহো স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

বৰ্তমানলৈকে ভাৰতত প্ৰায় 114 জন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে দুজনে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, সমগ্ৰ বিশ্বজুৰি 6,000 তকৈও অধিক লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে 1,60,000 লোক আক্ৰান্ত হৈছে ৷

আৰু পঢ়ক : আজিৰ দিনটোতেই শচীনে সম্পূৰ্ণ কৰিছিল ’শতকৰ শতক’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.