ETV Bharat / sports

আশীষ নেহৰাৰ পদাৰ্পণ টেষ্টৰ জোতাৰ ৰহস্য !

আকাশ চোপ্ৰাৰ সৈতে বাৰ্তালাপত নিজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এক আমোদজনক কথা উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰ আশীষ নেহৰাই । পদাৰ্পণ টেষ্টত জোতাৰ সন্দৰ্ভত এক ৰহস্য ফাদিল কৰে খেলুৱৈগৰাকীয়ে ।

author img

By

Published : May 5, 2020, 10:57 AM IST

ashish nehra reveals how he got shoe stitched to debut test
ashish nehra reveals how he got shoe stitched to debut testashish nehra reveals how he got shoe stitched to debut test

স্পৰ্টছ ডেস্ক, ৫ মে': শেহতীয়াকৈ আকাশ চোপ্ৰাৰ সৈতে হোৱা এক ভিডিঅ' কনফাৰেঞ্চিঙত প্ৰাক্তন ক্ৰিকেটাৰ আশীষ নেহৰাই নিজৰ কেৰিয়াৰৰ কেতবোৰ আমোদজনক কথা উল্লেখ কৰে । পদাৰ্পণ টেষ্টত জোতাকৈ লৈ সৃষ্টি হোৱাৰ সমস্যাৰ কথাও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

এই বাৰ্তালাপৰ মাজতেই নেহৰাই কয়, ১৯৯৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে কলোম্বত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল তেওঁৰ । সেই সময়ত তেওঁৰ তাত আছিল কেৱল এযোৰহে জোতা । যিটো ৰঞ্জী ট্ৰফীতো পিন্ধি খেলিছিল বুলি উল্লেখ কৰে নেহৰাই । ইয়াৰ পাচতে তেওঁ কয়, আজিও তেওঁৰ মনত আছে কেনেকৈ প্ৰত্যেকখন মেচৰ পাচতেই জোতাযোৰ পুনৰ চিলাই লৈছিল তেওঁ ।

আশীষ নেহৰাৰ জুতাৰ ৰহস্য
আশীষ নেহৰাৰ জুতাৰ ৰহস্য

আকাশ চোপ্ৰা আৰু নেহৰা দুয়ো দিল্লীৰে খেলুৱৈ আছিল আৰু দুয়োয়ে ভাৰতীয় ক্ৰিকেটকো প্ৰতিনিধিত্ব কৰিবলৈ সৌভাগ্য লাভ কৰিছিল ।

নেহৰাই ভাৰতৰ হৈ ১৭ খন টেষ্ট মেচত অৱতীৰ্ণ হৈছে । য'ত তেওঁৰ নামত আছে ৪৪ টা উইকেট । আনহাতে ১২০ খন এদিনীয়াত নেহৰাই ১৫৭ টা আৰু ২৭ খন টি-২০ ত ৩৪ টা আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.