স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ ইংলেণ্ডৰ অ’ভেলত আজি অষ্ট্ৰ্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এছেজ শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ বিয়লি 3.30 বজাৰ পৰা অনুষ্ঠিত হ’ব এই পঞ্চমখন টেষ্ট মেচ ৷ ইতিমধ্যে মানচেষ্টাৰ টেষ্টত 185 ৰানৰ বৃহৎ জয়েৰে এছেজ শৃংখলা নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া দলটোৱে ৷
গতিকে অন্তিমখন টেষ্ট মেচত ইংলেণ্ডৰ দলটোৰ লক্ষ্য হ’ব জয় লাভেৰে শৃংখলাত সমতা স্থাপন কৰাৰ লগতে টেষ্ট চেম্পিয়নশ্বিপত অধিক পইণ্ট অৰ্জন কৰাৰ ৷
অন্তিমখন টেষ্টৰ বাবে ইংলেণ্ড দলটোৱে অন্তিম একাদশত দুটা সাল-সলনি কৰাৰ বিপৰীতে এটা সাল-সলনি কৰিছে অষ্ট্ৰেলিয়াই ৷ ইংলেণ্ডে জেছন ৰয় আৰু ক্ৰীগ অ’ভাৰটন স্থানত ছেম কৰণ আৰু ক্ৰীছ ৱক্ছক অন্তিম একাদশত অন্তৰ্ভুক্ত কৰিছে ৷ আনহাতে অষ্ট্ৰেলিয়াই অন্তিম একাদশত স্থান দিছে মিটচেল মাৰ্ছক ৷
এতিয়া ষ্টিভ স্মিথ আৰু জফ্ৰা আৰ্চাৰৰ মাজত বেট-বলৰ তুমুল ৰণ চোৱাৰ বাবে আগ্ৰহেৰে বাট চাব ক্ৰীড়া প্ৰেমীয়ে ৷