ETV Bharat / sitara

ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা : অনুৰাগীয়ে ল’ব পাৰিব ভাগ

author img

By

Published : Sep 6, 2021, 2:14 PM IST

সোমবাৰে সন্ধিয়া 5 বজাত ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হ’ব প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা ৷ পৰিয়ালৰ তৰফৰ পৰা অনুৰাগীসকলক Zoom লিংকৰ জৰিয়তে সভাখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় অভিনেতা কৰণবীৰ বোহৰাই ৷

Sidharth Shukla's virtual prayer meet today; family says, 'He resides in our heart forever'
ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা, অনুৰাগীয়ে ল’ব পাৰিব ভাগ

চিটাৰা ডেস্ক, 6 ছেপ্তেম্বৰ : সোমবাৰে সন্ধিয়া 5 বজাত অনুষ্ঠিত হ’ব প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ ‘প্ৰাৰ্থনা সভা’ ৷ তেওঁৰ অনুৰাগীসকলে Zoom লিংকৰ জৰিয়তে ভাৰ্চুৱেলী এই প্ৰাৰ্থনা সভাখনত অংশগ্ৰহণ কৰিব পাৰিব ৷ শোকসন্তপ্ত পৰিয়ালৰ তৰফৰ পৰা অভিনেতা কৰণবীৰ বোহৰাই ইনষ্টাগ্ৰামযোগে এই নিমন্ত্ৰণ জনায় ৷

কৰণবীৰে প্ৰৰ্থনা সভাৰ বাবে সিদ্ধাৰ্থৰ অনুৰাগীসকলক নিমন্ত্ৰণ দি এটি পোষ্ট ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে ৷ পোষ্টটোত অভিনেতাগৰাকীয়ে লিখে "Let's all come together today at 5pm for special prayers and blessings for our friend #sidharthshukla organized by his mother #ritaaunty and his sisters #neetu and #preeti and sister #shivanididi @brhamakumaris_bk #seeyouagain on the other side bro."

হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হোৱা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ যোৱা শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে টিভি ইণ্ডাষ্ট্ৰীৰ লগতে বলীউডকো শোকস্তব্ধ কৰি তোলে ৷

ইয়াৰ মাজতে সিদ্ধাৰ্থৰ পৰিয়ালবৰ্গই এক বিবৃতিযোগে প্ৰয়াত অভিনেতাগৰাকীক তেওঁৰ অনুৰাগীসকলে দিয়া মৰম আৰু ভালপোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও পৰিয়ালটোৱে মুম্বাই আৰক্ষীকো তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : দুবছৰ সম্পূৰ্ণ সুশান্তৰ শেষ ছবি Chhichhor ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.