চিটাৰা ডেস্ক, 24 অক্টোবৰঃ এটা সময় আছিল যি সময়ত প্ৰিয়ংকা চোপ্ৰা আৰু শ্বাহিদ কাপুৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল ৷ বহুতে এই সম্পৰ্কক প্ৰেমৰ নাম দিছিল যদিও দুয়োজনে এই কথা সাৰ্বজনিক ৰূপত স্বীকাৰ কৰা নাছিল ৷ যদিও এই প্ৰেমৰ সম্বন্ধ বহু দিন ধৰি নচলিল, কিন্তু ব্ৰেক আপৰ পিছত দুয়োৰে মাজত গাঢ় হ'ল বন্ধুত্ব সুলভ সম্বন্ধ ৷ শ্বাহিদ কাপুৰ প্ৰিয়ংকাৰ বিবাহ অনুষ্ঠানতো উপস্থিত আছিল আৰু এইবাৰ শ্বাহিদে প্ৰিয়ংকাৰ আৰু নিকৰ সম্বন্ধৰ ওপৰত উপদেশো প্ৰদান কৰে ৷
শেহতীয়াকৈ নেহা ধুপিয়াৰ এটা শ্ব'ত গৈছিল শ্বাহিদ কাপুৰ ৷ তাত তেওঁক সোধা হৈছিল ,যদি নিক প্ৰিয়ংকা সম্পৰ্কৰ ওপৰত কিবা উপদেশ দিবলৈ আপোনাক কোৱা হয়,তেন্তে আপুনি কি উপদেশ দিব ৷ তেতিয়া শ্বাহিদে মন্তব্য কৰে যে,"দুয়োজনে ইজনে আনজনৰ পটভূমি সম্পৰ্কে ভালদৰে জনাটো উচিত ৷ কাৰণ দুয়োজনৰে পটভূমি সম্পূৰ্ণৰূপে পৃথক"৷
ইফালে শুনা গৈছে যে,ইশান খট্টৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিছে জাহ্নৱী কাপুৰৰ ৷ ধড়ক ছবিখনত জাহ্নৱীৰ বিপৰীতে আছিল ইশান খট্টৰ ৷ ছবিখনৰ পিছতে দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল ৷ এই সন্দৰ্ভতো মন্তব্য কৰে শ্বাহিদ কাপুৰে ৷ তেওঁ কয় যে,"দুয়োৱে কাম আৰু নিজৰ জীৱনক সন্তুলিত ৰাখি চলিব লাগিব ৷"