ETV Bharat / sitara

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসৰ আনন্দ - ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গোলকগঞ্জ

ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী ৷ ঠায়ে ঠায়ে চলি আছে ৰাসৰ ভাও ৷ আনন্দ-উল্লাহৰ মাজেৰে উদযাপন ৰাস মহোৎসৱ ৷

ৰাসৰ আনন্দ
author img

By

Published : Nov 13, 2019, 7:48 PM IST

নিউজ ডেস্ক,13 নৱেম্বৰঃ শৰতৰ ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনত ভগৱান শ্ৰী কৃষ্ণই বজোৱা মধুৰ বাঁহীৰ সুৰে আকৰ্ষিত কৰিছিল গোপীসকলক ৷ শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পন কৰিছিল। এই দৃশ্যই দেখা গ'ল নগাঁৱৰ কুঁজীডাহৰ যোৰীয়া নামঘৰৰ ৰাসত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কেলিগোপালৰ প্ৰাচীন পৰম্পৰা অক্ষুন্ন ৰাখি কুঁজীডাহ যুৰীয়া নামঘৰ প্ৰাংগণত অনুষ্ঠিত ৰাসত ভাগ ল'লে কেইবাগৰাকী বৃদ্ধই । ৯৩ বছৰ গৰকা এই কুঁজীডাহৰ ৰাসত প্ৰত্যেক বছৰৰ দৰে এই বছৰো গোপীৰ ৰূপত দেখা গ'ল পুৰুষসকলক। কেৱল বৃদ্ধ অথবা যুৱকেই নহয়। ৰাসত ভাও ল'লে কেইবাটাও শিশুয়ে ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসৰ আনন্দ

ইফালে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ মণিপুৰী গাঁও সমূহতো পৰিলক্ষিত হ'ল ৰাসৰ আনন্দ ৷ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰদৰ্শিত হয় ৰাখাল ৰাস, মৃদংগ বাদন আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কামপুৰতো শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন কৰা হৈছে। ৮৩ বছৰত ভৰি দিয়া কামপুৰ কেন্দ্ৰীয় ৰাস উৎসৱে এইবাৰ উদযাপন কৰিছে মহাৰজত জয়ন্তী। গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত ডেৰ কুৰিৰো অধিক ঠাইত অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ ৰাসলীলা। শৰতৰ ৰাতি খোল তালৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে মহিলা, জীয়ৰী,বোৱাৰীয়ে। ষোড়শ গোপীৰ সৈতে কৰা ৰাসক্ৰীড়াই যেন দ্বিতীয় মথুৰা বৃন্দাবনলৈ পৰিণত কৰি তুলিলে বটদ্ৰৱা ৰাসথলী। সমান্তৰালভাৱে ৪৮তম হোজাই জিলাৰ লংকাৰ বামুনগাঁৱৰ ৰাসলীলাই আপ্লুত কৰিলে সহস্ৰাধিক লোকক ৷

গোলাঘাটতো সেইদৰে ৰাস মহোৎসৱত নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাই মোহিনী ৰূপ লৈ মোহিলে গোলাঘাটবাসীক ৷ নামনি অসমৰ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গোলকগঞ্জতো বুধবাৰে ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হয় ৰাস মহোৎসৱৰ । এই ৰাসতে পেলনীয়া ফ্লেক্সিব'ল তাঁৰেৰে সঞ্জীৱ বাসাক নামৰ এজন শিল্পীয়ে নিৰ্মাণ কৰিছে প্ৰায় ১৩ ফুট দৈৰ্ঘৰ দুর্গাৰ লগতে কাৰ্তিক,গণেশ,লক্ষ্মী আৰু সৰস্বতীৰ প্ৰতিমা ৷ কাছাৰ জিলাৰ লক্ষীপুৰ,সিঙেৰবন্দ,বাঁশকান্দি,ৰংপুৰ,ভকতপুৰ,কাবুগঞ্জ,বৰখলা,খাম্বাৰবাজাৰ,কালাইন,কাটাখাল আদি বিভিন্ন ঠাইত কাৰ্তিক পূৰ্ণিমাৰ নিশা ৰাস উৎসৱৰ আয়োজন কৰিছে মণিপুৰী সকলে৷

লগতে চাওকঃনেত্ৰকাই লৈ 'চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা'

Intro:নগাঁৱৰ কুজিডাহত ব্যতিক্ৰমী ৰাস। ৰাসত অংশগ্ৰহণ ৮৩ বছৰীয়া বৃদ্ধিৰো। খোল তালৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিলে বৃদ্ধৰ লগতে যুৱক, কণমানিয়েও।

Body:শৰতৰ ৰাসপুৰ্ণিমাৰ দিনা বৃন্দাবনত ভগৱান শ্রীকৃষ্ণই বজোৱা মধুৰ বাঁহীৰ সুৰে গোপীসকলক আকৰ্ষিত কৰিছিল। কৃষ্ণৰ বাঁহীৰ সুৰত মোহাচূৰ্ণ গোপীসকলে নিজৰ স্বামী পুত্ৰ ,কণ্যা ঘৰ এৰি ঢাপলি মেলিছিল বৃন্দাবনলৈ। এই দৃশ্যই দেখা হল নগাঁৱৰ কুঁজীডাহৰ যোৰীয়া নামঘৰ ৰাসত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কিলিগোপালৰ প্ৰাচীন পৰম্পৰা অক্ষন্ন ৰাখি কুঁজীডাহ যুৰীয়া নামঘৰ প্ৰাংগণত অনুষ্ঠিত ৰাসত ভাগ ললে ৮৩ বছৰীয়া বৃদ্ধয়ো। ভক্তিৰসত বুৰ গৈ গোপী নৃত্য কৰি উপস্থিত ভক্তপ্ৰাণ লোকক আপ্লুত কৰিলে কেবাগৰাকী আদহীয়া বৃদ্ধই। ৯৩ বছৰ গৰকা এই ৰাসত দেখা গ'ল এক ব্যতিক্ৰমী ৰূপ। গোপী নৃত্যত ভাও লোৱা এইসকল আচলতে যুৱতী অথবা মহিলা নহয়। কুঁজীডাহৰ এই ৰাসত প্ৰত্যেক বছৰৰ দৰে এই বছৰো গোপীৰ ৰূপত দেখা গ'ল পুৰুষক। কেৱল বৃদ্ধ অথবা যুৱকেই নহয়। ৰাসত ভাও ললে কেবাটাও শিশুৰ লগতে এটি কণমানিয়েও।
bite,

Conclusion:৮৩ বছৰ বয়সতো বয়সে হাৰ মনাব নোৱাৰা দূৰন্ত তৰুণৰ দৰে নৃত্য প্ৰদৰ্শন কৰা পুতুল চন্দ্ৰ বৰাৰ নৱপ্ৰজন্মলৈ আহ্বান। ৰাস কৰিব লাগে ভক্তিৰসত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলা , কৃষ্টি জীয়াই ৰাখিব লাগে নৱপ্ৰজন্মই।
bite, বাইট ৰ শেষৰ অংশ
---------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৩-১১-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.