ETV Bharat / sitara

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ

author img

By

Published : Dec 14, 2019, 8:35 PM IST

Updated : Dec 14, 2019, 9:01 PM IST

নাগৰিকত্ব সংশোধনী আইন এতিয়া ৰাইজৰ বাবে এক অভিশাপ,প্ৰতিবাদ অব্যাহত ৰাজ্যত,বাদ পৰা নাই কলা-কুশলী,দল-সংগঠন,বুদ্ধিজীৱী,ছাত্ৰ-ছাত্ৰী,গুৱাহাটীত শিল্পীসকল একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন এতিয়া ৰাইজৰ বাবে এক অভিশাপ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা ৰাজ্যৰ শিল্পী সমাজৰ

গুৱাহাটী,14 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনে দুৰত্ব বঢ়াইছে ৰাইজ আৰু চৰকাৰৰ ৷ প্ৰতিবাদ কৰিছে এজনৰ পিছত আন এজন সাধাৰণ জনতাই ৷ বাদ পৰা নাই কলা-কুশলী,দল-সংগঠন,বুদ্ধিজীৱী,ছাত্ৰ-ছাত্ৰী ৷ সকলোৱে একেমুখে বিৰোধিতা কৰিছে এই আইনৰ। এই আইনৰ বিপক্ষে মতামত আগবঢ়ায় অসমীয়া ছবিজগতৰ বহু কেইজন কলা-কুশলীয়ে ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন-

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সুনীতা কৌশিকে কয় যে,আমাৰ ভাষা-সংস্কৃতি আৰু জীৱনশৈলীৰ ওপৰত এই আইনে প্ৰভাৱ বিস্তাৰ কৰিব ৷ লগতে চৰকাৰক ৰাইজৰ অনুভূতিক বুজি ৰাইজৰ সৈতে থিয় হবলৈ অনুৰোধ কৰে ৷

অসমীয়াৰ লগত এয়া অন্যায়-সুনীতা কৌশিক

ইফালে কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই এই আইন যেতিয়ালৈ বাতিল নহয় সংগ্ৰাম চলি যাব বুলি স্পষ্ট ভাষাত জানিবলৈ দিয়ে ৷ লগতে অসমীয়া মানুহে ইয়াৰ বিৰুদ্ধে একেলগে থিয় হোৱাই সন্তুষ্টি প্ৰকাশ কৰে অভিনেতাজনে ৷

চৰকাৰৰ ওচৰত হাৰ নামানো-সিদ্ধাৰ্থ শৰ্মা

মোহন খ্যাত দ্বীপজ্যোতি কেওঁটে, ‘চৰকাৰে জনসাধাৰণৰ আবেগক বুজা দৰকাৰ ৷ কাৰণ বেয়া পৰিস্থিতি দীঘলীয়া কৰি থকাৰ কাৰোৰে মন নাই’ বুলি আইনখন সম্পৰ্কে মত ব্যক্ত কৰে ৷

মোহনে ক’লে-আমাৰ দেহত লাচিতৰ তেজ আছে

এনেদৰে প্ৰতিগৰাকী শিল্পীয়ে নাগৰিকত্ব সংশোধনী আইনক লৈ মন্তব্য আগবঢ়ায় ৷

সকলোৱে একেমুখে বিৰোধিতা কৰিছে এই আইনৰ

লগতে চাওকঃডিঙিত গামোচা ল'লেই অসমৰ প্ৰতি প্ৰেম নুবুজাইঃ কিশোৰ ভট্টাচাৰ্য

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা এতিয়া ৰাজ্যৰ সৰ্বত্ৰে । সাধাৰণ জনতাৰ পৰা কলা কুশলী ,দল সংগঠন বুদ্ধিজীৱী, ছাত্ৰ ছাত্ৰী সকলোৱে এক মুখে বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। এই নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ অসমীয়া ছবি জগতৰ বহু কেইজন কলা কুশলীয়ে নিজৰ মতামত আগবঢ়াইছে। কি মতামত দৰ্শইছে এইসকল কলা কুশলীয়ে আহক চোন জানো।

Body:নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত সুনিতা
কৌশিকৰ মন্তব্য। কেব খনে আমাৰ ভাষা সংস্কৃতি আৰু জীৱন শৈলীৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে ৰাইজৰ অনুভূতিক বুজি ৰাইজৰ সৈতে থিয় হবলৈ অনুৰোধ সুনিতা কৌশিকৰ।
Bite:/ সুনিতা কৌশিক
কেকে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ মন্তব্য নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ। এই বিধেয়ক যেতিয়ালৈকে বাতিল নহয় সংগ্ৰাম চলি যাব বুলি স্পষ্ট ভাষাত জানিবলৈ দিলে কেকে খ্যাত সিদ্ধাৰ্থ শৰ্মাই। লগতে অসমীয়া মানুহক কেবৰ বিৰুদ্ধে একেলগে ওলাই অহাৰ বাবে ভাল লাগিছে বুলি কলে তেওঁ ।
Bite:-কেকে ।
মোহন খ্যাত দীপজ্যোতি কেউটে কয় যে চৰকাৰে বুজা দৰকাৰ কাৰণ ইমান বেয়া পৰিস্থিতি দীঘলীয়া কৰি থকাৰ কাৰোৰে মন নাই গতিকে এই বিধেয়ক কেতিয়াও মানি লব নোৱাৰে বুলি কলে তেওঁ।
Bite :- মোহন।

Conclusion:এনেদৰে প্ৰতিগৰাকী শিল্পীয়ে আগবঢ়াই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মন্তব্য।
Last Updated : Dec 14, 2019, 9:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.